Breaking

পাঠকতকৈ লেখকৰ সংখ্যা বেছি হৈছে নেকি…

0 86

পাঠকতকৈ লেখকৰ সংখ্যা বেছি হৈছে নেকি?

নবেম্বৰৰ পৰা মাৰ্চ মাহলৈকে অসমত গ্ৰন্থমেলাৰ সময় । এই সময়ত প্ৰতি বছৰে বহু সংখ্যক কিতাপ প্ৰকাশিত হৈ আহিছে ইয়াৰেকিছুসংখ্যক স্বনামধন্য লেখক লেখিকাৰ কিতাপ প্ৰকাশিত হয় যাৰ বাবে বহু পাঠক অধীৰ আগ্ৰহেৰে সেই সময়লৈ ৰৈ থাকে ।কিন্তু ইয়াৰ মাজতে একাংশ এনেকুৱা লেখক লেখিকা (!) ৰ কিতাপ বছৰে বছৰে প্ৰকাশ হবলৈ ধৰিছে যিবিলাকৰ উদ্দেশ্য অলপবেলেগ ধৰণৰ। তেঁওলোকৰ কিতাপ উন্মোচন কৰাটোৱেই প্ৰধান কাম । কিতাপ খন কোনোবাই ভাল পাইছেনে নাইপোৱা , পাঠকৰ কিবা লাভ হৈছেনে নাই সেইটো বিৰ্চায বিষয় নহয় । অনুৰাধা শৰ্মা পূজাৰী ৰ সুখৰ ৰামধেনু গ্ৰন্থৰ ‘কাৰ বাবে আমাৰআলোচনী !’ নামৰ প্ৰৱন্ধত এই বিষয়ে ধুনীয়াকৈ ব্যাখ্যা কৰি লিখিছে তাত উল্লেখ থকা মতে -এজন অসমৰ পুৰণি প্ৰসিদ্ধস্বতাধিকাৰ এজনে গ্ৰন্থমেলাৰ সময়ত ৰাজহুৱা সভাত কৈছিল -‘আমাৰ পঢ়ুৱৈতকৈ লেখকৰ সংখ্যা বেছি হৈছে , এনেকুৱা হলেকিছুমান কিতাপ আমি কিলো দৰত বিক্ৰী কৰিব লাগিব’ । তেঁও কথাষাৰ যি পৰিবেশতেই নকওক লাগে কথাষাৰৰ কিছুগুৰুত্বপুৰ্ণ কথা নিহিত হৈ আছে । বৰ্তমান সময়ত প্ৰকৃত লেখক কোন, সাহিত্যিক কোন, ঔপন্যাসিক কোন,গল্পকাৰ কোন ,কবিকোন চিনি পাবলৈকে দিগদাৰ ।

কাৰণ নিজৰ খৰচত কিছুমান প্ৰকাশক গোষ্ঠীক মেনেজ কৰি বহু টকা থকা মানুহে বছৰে বছৰেবহু কিতাপ প্ৰকাশ কৰে । তেঁওলোকে ডাঙৰ ডাঙৰ গ্ৰন্থ উন্মোচনী সভা পাতে ,উন্মোচন কৰিবলৈ কিছু নাম জ্বলা বিশিষ্টসাহিত্যিকক নিমন্ত্ৰণ জনায় । ইয়াৰ পাছতে বিভিন্ন বাতৰি কাকতত ডাঙৰ ডাঙৰ আখৰেৰে বাতৰি পৰিবেশন কৰোৱাই । কিন্তুতেঁওলোকৰ কিতাপ সমুহৰ পৰা পাঠক উপকৃত হৈছেনে নাই , তেঁওলোকে অনুৰোধ নকৰাকৈ কিমান কিতাপ বিক্ৰী হৈছে সেইটোকেতিয়াও বিচাৰ কৰি নাচায় । এনেকুৱা লেখক লেখিকাই আকৌ আজিকালি সাহিত্য সভাকে ধৰি আন আন ডাঙৰ ডাঙৰঅনুষ্ঠানত নিৰ্দিস্ট বক্তা , সাহিত্য প্ৰতিযোগিতাৰ বিচাৰকৰ আসন শুৱনি কৰে । তেঁওলোকৰ প্ৰকৃত প্ৰতিভা কিন্তু বহুতে গমেইনাপায় কাৰণ তেঁওলোকে সভা সমিতিত দিবলগীয়া ভাষণটোও কাৰোবাৰ হতুৱাই লিখাই আনি পাঠহে কৰে । এই সকলৰ মাজতবহু নতুন প্ৰতিভাক মানুহে চিনাক্ত কৰাৰ সুবিধা নাপায় কাৰণ সেই সকলক এচাম তথাকথিত সাহিত্যিকে সুবিধা দিব নিবিচাৰে। ইয়াৰ মাজতে এচাম নব প্ৰজন্মৰ লেখকে অশেষ কষ্ট কৰি নিজৰ গাঁঠিৰ ধন ভাঙি ,প্ৰতিষ্ঠিত গ্ৰন্থ প্ৰকাশকক বহু অনুৰোধ কৰিদুই এখন কিতাপ প্ৰকাশিত হয় ।সেইবাবেই হয়তো মাজে মাজে দুই এক নতুন প্ৰতিভা মানুহে চিনি পায় । বিশেষকৈ নতুন লেখকলেখিকাৰ বাবে বিশেষ ভাবে অৰ্পন কৰা ‘মুনীন বৰকটকী সাহিত্য বঁটা’ই বহু নতুন লেখক লেখিকাক আমাৰ মাজত চিনাকি কৰিদিছে ।

বৰ্তমান সময়ত আৰু এচাম লেখক লেখিকা আছে যি সকলে কেৱল বঁটা পাবৰ বাবেহে কিতাপ লিখে আৰু তেঁওলোকে পোৱা বঁটাবোৰ আকৌ পইচা দি কিনি লোৱাৰ নিচিনা । মই এটা প্ৰকাশন গোষ্ঠীৰ লগত কিছুদিন কাম কৰাৰ অভিজ্ঞতাৰ পৰা গম পালোযে বহু লেখক লেখিকাই কিতাপখনৰ ভিতৰত কি আছে ভালকৈ নাজানেই কিন্তু তেঁওক ৰঙীন বেটুপাত ,বেটুপাতত তেঁওৰ আগতপ্ৰকাশ পোৱা কিছুমান কিতাপৰ তালিকা আৰু কোনোবা এজন বিখ্যাত লেখকৰ পৰা একাষাৰ লিখাব পাৰিলেই কিতাপ খন হৈযায় বুলি ভাবে । কিতাপৰ বিষয় বস্তুয়ে কাৰোবাৰ কিবা লাভ কৰিছেনে নাই সেইটো প্ৰয়োজনীয় নহয় । আটাইতকৈ লাজৰ কথাযে বহু লেখক লেখিকাই এখন কিতাপৰ ৫ -১০ খনহে উলিয়াই । তেঁওলোকে কিন্তু কিতাপ উলিয়াইয়েই থাকে । মই তেনে বহুলেখক লেখিকাকক ওচৰৰ পৰা লগ পাইছো । এনেকুৱা এজন লেখকক এদিন মই সুধিলো -‘আপুনি যে সৰহকৈ কিতাপ নুলিৱাই,আপোনাৰ কি লাভ হয় ?’ তেতিয়া তেঁও উত্তৰ দিলে -কিতাপবোৰ মানুহে এনেৱেও নপঢ়ে , গতিকে মই উন্মোচন কৰাৰ সময়তদিব পাৰিলেই হল। উন্মোচন কৰা ফটো বোৰ মোৰ বেছি প্ৰয়োজন । মই কিয় বুলি সোধাত তেঁও কলে – ‘মই এইবোৰ কলিকতালৈপথাম । তাত মই সাহিত্য বঁটা এটাৰ বাবে আবেদন কৰিছোঁ।’ ইয়াৰ কিছুদিন পাছত তেঁও পুনৰ আন এখন কিতাপৰ বাবে প্ৰেছলৈআহিল আৰু মই নোসোধাকৈ তেঁও কলে ‘ মই কলিকতাত যে আবেদন কৰিছিলো সাহিত্য বঁটা তো পালো ‘, মোক আৰু এখনকিতাপ উলিয়াই দিব লাগে, বেছি নালাগে প্ৰথম ১০ খন দিলেই হব , পাছত দৰকাৰ হলে মই নিম ,সোনকালে দিব মই গ্ৰন্থমেলাকউন্মোচন কৰিব লাগিব । লগতে তেঁও কলে আগৰ কেইখনৰো ৫ টা মানকৈ কপি দিব , আকৌ এবাৰ একেলগে উন্মোচন কৰিবলাগিব ‘ । মই এইদৰে এখন কিতাপ কেইবাৰলৈকে উন্মোচন হোৱা দেখিছোঁ। আনকি এনেকুৱা নামজ্বলা(!) তথাকথিত এচামসাহিত্যিক আছে যিসকলে অসমৰ চুকে কোণে হোৱা যিকোনো গ্ৰন্থমেলাত একেখন কিতাপকে উন্মোচন কৰি ঘুৰি ফুৰে । এইধৰণৰ কাণ্ড বোৰৰ বাবেই বৰ্তমান সময়ত ভাল কিতাপৰ সংখ্যা কমিছে । অৱশ্যে এইটো থিক আগৰ তুলনাত বৰ্তমানডিজিটেল যুগত আগৰ তুলনাত পঢ়ুৱৈৰ সংখ্যা কমিছে । কিন্তু ইয়াৰ মাজতেও এচামে কিতাপ কিনি নপঢ়িলেও অনলাইনমাধ্যমত পঢ়া শুনা কৰে । এখন গ্ৰন্থ সমাজৰ বাবে কিয় দৰকাৰ সেইটো লেখক লেখিকা সকলে জনাটো অতি দৰকাৰী ।ব্যক্তিগত স্বাৰ্থ আগত নাৰাখি , নিজৰ নাম কিনাৰ প্ৰতিযোগিতাত নানামি সমাজৰ বাবে কিছু হলেও অবদান আগবঢ়াব পৰাগ্ৰন্থৰ প্ৰয়োজনীয়তা বহু বেছি । বৰ্তমান সময়তো আমি গ্ৰন্থমেলালৈ গলে নিদিষ্ট কিছুসংখ্যক স্বনামধন্য সাহিত্যিকৰ বিশেষকিছুমান গ্ৰন্থতহে বেছিকৈ চকু পৰে । সেই বিলাক গ্ৰন্থৰ আদৰ আগতেও আছিল আৰু বৰ্তমানেও আছে । উদাহৰণস্বৰপেভবেন্দ্ৰনাথ শইকীয়া , হোমেন বৰগোহাঞি , চৈয়দ আব্দুল মালিক , ৰীতা চৌধুৰী , অনুৰাধা শৰ্মা পুজাৰী আদিকে ধৰি একাংশস্বনামধন্য সাহিত্যিকৰ গ্ৰন্থ সকলোৰে বাবে উপযোগী । নব প্ৰজন্মকো সেই গ্ৰন্থ সমুহেই আকৰ্ষিত এতিয়াও কৰে ।

কিছুমান লেখতলবলগীয়া উপন্যাসৰ আদৰ এতিয়াও আছে আৰু সদায় থাকিব । সেইবোৰ হল তেঁওলোকৰ অপুৰ্ব সৃস্টি যাৰ বাবে অসমীয়াসাহিত্যৰ আদৰ সদায় আছে আৰু থাকিব । এইবিলাকৰ পাছত বহু সংখ্যক গ্ৰন্থ প্ৰকাশ পাইছে যদিও একাংশ নতুন লেখকৰকিছু সংখ্যক প্ৰৱন্ধ সংকলন , গল্প সংকলন আৰু উপন্যাসকক বাদ দি আন গ্ৰন্থ সমুহ পাঠকে আদৰি লোৱা নাই । সেই সমুহেদোকানে দোকানে প্ৰদৰ্শন কৰিবলৈ সুবিধা হোৱাৰ বাদে একো বিশেষ লাভ হোৱা নাই । ইয়াৰ বাবে অৱশ্যে একাংশ প্ৰকাশকগোষ্ঠীও দায়ী । তেঁওলোকে নিজৰ মুনাফাৰ বাবে হকে বিহকে একাংশ কিতাপ প্ৰকাশ কৰাৰ বাবেই লেখকৰ সংখ্যা বৃদ্ধি পাইছেকিন্তু সেইদৰে পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি পোৱা নাই । গ্ৰন্থৰ লগে লগে আজিকালি অসমত আলোচনীৰ পঢ়ুৱৈৰ সংখ্যাও বহু কমি গৈছে। সাতসৰী , প্ৰান্তিকৰ লগতে দুই এখন আলোচনীৰ বাদে বাকীবোৰৰ পঢ়ুৱৈৰ সংখ্যা বহু পৰিমানে কম । বহু আলোচনী কমপৰিমানে যেনেতেনে চলি আছে । এনে কিছুমান আলোচনীও আছে যিবিলাকত হকে বিহকে একাংশ লেখক লেখিকাৰ লেখাপ্ৰকাশ পায় যাৰ পৰা সমাজৰ বিশেষ একো লাভ নহয় । বহু ব্যক্তিয়ে নিজৰ স্বাৰ্থৰ বাবেও আজিকালি বহু অনলাইন আলোচনীপ্ৰকাশ কৰি উলিয়াই । মুঠৰ ওপৰত কিতাপৰ প্ৰকাশৰ ক্ষেত্ৰত প্ৰকাশন গোষ্ঠী সমুহ সচেতন নহলে এটা সময়ত কিতাপৰ বজাৰখনে বৰ বেয়াকৈ মুখ ঠেকেচা খাব সেইয়া ধুৰুপ ।

ধ্ৰুৱজ্যোতি শইকীয়া

Leave A Reply