Breaking

আপুনি চাহ খেতিয়ক নেকি ! আপোনাৰ মাটি দখৰত কিদৰে চাহৰ উৎপাদন বৃদ্ধি কৰিব পাৰিব , কৰ্মশালাত কি উপদেশ দিলে চাহ বিশেষজ্ঞ বিজ্ঞানী ড০ মৃদুল শর্মাই…

0 41

দিহিঙ্গীয়া পাৰ চাহ বাগিচা কলঘৰ কতৃপক্ষৰ উদ্যোগত আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা যোৰহাট জিলা সমিতিৰ অন্তৰ্গত পূব যোৰহাট, ফেচুৱাল মেলেং গ্রান্ট আৰু মৰিয়নি আঞ্চলিক সমিতিৰ সহযোগত দিহিঙ্গীয়া পাৰ বাগিচা কলঘৰ প্রাঙ্গনত এক কর্মশালা আয়োজন কৰা হয়। আজি সভাখন আঁত ধৰে জিলা সমিতিৰ সম্পাদক কৃষ্ণ প্ৰসাদ শৰ্মাই আৰু উদেশ্য বাখ্যা দাঙি ধৰে কলঘৰ পৰিচালক জয়ন্ত কাকতিয়ে। বর্তমান চাহ বাগিচাত দেখা দিয়া জলন্ত সমস্যা, শষ্য সুৰক্ষা বিধি পালন আৰু ইয়াৰ পৰা পৰিত্রাণ শীর্ষক এই বিষয়ত আজিৰ কর্মশালা আয়োজন কৰা হয়। কলঘৰ পৰিচালক জয়ন্ত কাকতিয়ে আজি সভাখনৰ উদেশ্য আৰু লক্ষ্যৰ বিষয়ে উল্লেখ কৰি কৰে। সভাখনত ভাৰতীয় চাহ গবেষণা কেন্দ্ৰ টোকোলাইৰ শস্য সুৰক্ষা বিধিৰ বিজ্ঞানী ড০ মৃদুল শর্মাই শস্য সুৰক্ষা বিধিৰ নিয়ম সম্পৰ্কে বিস্তৃত বিৱৰণ ডাঙি ধৰে। সঠিক মাত্রা ,সঠিক দৰব এই দিশ বিলাক সামৰি তেখেতে বক্তব্য প্ৰদান কৰে।

টোকলাই গবেষণা কেন্দ্ৰৰ সহকাৰী সঞ্চালক নিপুন বর্মনে নিজৰ বক্তব্যত কয় যে ২০১৪ চনৰ পৰা শষ্য সুৰক্ষা বিধিগন উলিওৱা হৈছে কিয়নো আমাৰ খাদ্য সুৰক্ষিত কৰিবলৈ এই বিধি উলিওৱা হৈছে। চাহ এটা বানিজ্যিক খেতি। চাহক স্বাস্থ্য বর্ধক পানীয় হিচাপে ব্যৱহাৰ কৰা হৈছে। কিন্তু অলাগতিয়াল দ্রব্য বা অৱশিষ্ট মিহলি হলে ই আমাৰ কাৰণে সমূলি ভাল নহয়। দৱব নমরা নকৰাকৈ আমি চাহ গছৰ বেমাৰ ভাল কৰিব লাগিব। চাহ গছৰ বেমাৰ দৰব নমরাকৈ কেনেকৈ নিৰ্মূল কৰিব পৰা যায় সেয়াই আমি কৰিব লাগে। দৰব মৰাটো একেবাৰে অন্তিম পৰ্যায়ৰ কথা। প্রসঙ্গ ক্রমে কয় যে চাহৰ মানদণ্ড আমি উন্নত কৰিব লাগিব। যদি মানদণ্ড কেনেবাকৈ কমিলে চাহৰ বিক্রী কমি যাব। এই মানদণ্ড এবাৰ কমি যায় তেনেহলে ইয়াক ওপৰলৈ অনা বহুত অসুবিধা হব। ৰাসায়নিক সাৰ প্ৰয়োগ কৰা ফলত নিজৰ মাটি ডৰাৰ গুণগত মানদণ্ডহে কমি গৈছে।

সেয়েহে যিমান পাৰি ৰাসায়নিক প্রয়োগ নকৰাকৈ থাকিলে ভাল। গোঁহাইবাৰী চাহ বাগিচাৰ পৰিচালক দিগন্ত বৰতামূলীয়ে কয় বর্তমান চাহৰ অবস্থা বৰ ভাল নহয়। আপোনালোকৰ কেঁচা চাহপাতৰ পৰা উৎপাদিত পাতৰ মূল্যহে আপোনালোকে পাব। গতিকে ভালপাত পালে ভাল চাহ আৰু বেয়াপাত দিলে বেয়া চাহপাত উৎপাদন হব। দিহিঙ্গীয়াপাৰ চাহ বাগিচাৰ স্বত্বাধিকাৰী সুনীল বুচ্চা , কলঘৰ স্বত্বাধিকাৰীৰ অলক ৰাঠী, কলঘৰ তত্বাৱধায়ক বিজয় ঠাকুৰ , পুব যোৰহাট আঞ্চলিক সমিতিৰ সভাপতি সঞ্জীৱ গগৈ, মেলেং ফেচুৱাল গ্রান্ট আঞ্চলিকৰ সম্পাদক দীপজ্যোতি বৰা, মৰিঋনি আঞ্চলিক সমিতিৰ সম্পাদক বিজিত বৰা, জিলা সাংগঠনিক সম্পাদক ভূপেন গগৈ, জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য উমাৰাজ বৰাৰ লগতে তিনিওখন আঞ্চলিক সমিতিৰ শতাধিক ব্যক্তি উপস্থিত থাকে। দিহিঙ্গীয়াপাৰ চাহ বাগিচা গাঁওৰক্ষী বাহিনীৰ সভাপতি কার্তিক গোৱালা, কৰ্মচাৰী অঞ্জন মাহিলী, উপ কর্মচারী নাৰায়ণ বৰা আদিয়ে সহযোগিতা আগবঢ়ায়।
,

মৰিয়নীৰ পৰা কৃষ্ণ প্রশাদ শৰ্মাৰ প্ৰতিবেদন…

Leave A Reply