Breaking

আপুনি কিডনী বেমাৰী নেকি , তেন্তে কৰদৈ টেঙা খোৱাৰ আগতে এশবাৰ ভাবক…

0 304

অসমীয়া খাদ্য শৈলীৰ ভিতৰত কৰদৈ এবিধ অপৰিহাৰ্য্য টেঙাফল যাক আমি সকলোৱে চিনি পাওহঁক । বহুতে ইয়াক কেচাই , চাতনি কৰি জুইচ, জেলি আচাৰ,চৰৱত , চালাদ বা পাচলি হিচাবে ৰান্ধি খায় । অৱশ্যে কেচা কৰদৈ খোৱাতকৈ পকিলেহে সোৱাদ বেছি আৰু গুণকাৰী হয় ।

ভিটামিন A, B, C , ফাইবাৰ , আইৰন, ফচফ’ৰাচ,জিংক, কেলচিয়াম, পটেচিয়াম , মেগনেচিয়াম, চ’ডিয়াম আদিৰ লগতে অধিক মাত্ৰাত এন্টি অক্সিডেন্ট থাকে ।

কৰদৈ টেঙাৰ উপকাৰিতা :-

১। পাচনতন্ত্ৰৰবাবে পাচন সম্পৰ্কীয় যিকোনো ৰোগৰ বাবে কৰদৈ বৰ উপকাৰী । অভোক , অৰুচি,বদহজম ,কৌষ্ঠকাঠিন্য আদি দুৰ কৰাৰ লগতে বৃহদন্ত্ৰ পৰিস্কাৰ কৰে আৰু পেটৰ অলাগিয়াল পদাৰ্থ দুৰ কৰে ।

২। _দেহৰ ওজনহ্ৰাস কৰাবলৈ কৰদৈ টেঙা মহা ফলপ্ৰদ ফল । (অন্য ৰোগ থাকিলে চিকিত্সকক সুধি খাব ।) যিসকলৰ বাৰে বাৰে খোৱাৰ ৰুচি থাকে সেইটো উপসম হয় ।৩। কৰদৈ টেঙাত থকা পৌষ্টিক গুণাগুণসমুহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় । দেহৰ ক্লান্তি দুৰ কৰে ।

৪। উচ্চৰক্তাচ্চাপ , কোলেষ্ট্ৰলবৃদ্ধি তথা ডায়েবটিচ_ৰোগ নিয়ন্ত্ৰণ কৰে । (চিকিত্সকক সুধি খাব)

৫। হৃদয়ৰোগআৰু কৰ্কট ৰোগৰ বাবে কম মাত্ৰাত কৰদৈ টেঙা খোৱাটো উপকাৰী ।

৬। শ্বাসজনীত যিকোনো ৰোগত কৰদৈ হিতকাৰী৭। অধিক মাত্ৰাত কেলচিয়াম থকাৰ বাবে হাড়,দাঁত বা কেলচিয়ামৰ অভাৱত হব পৰা বিভিন্ন ৰোগৰ বাবে কৰদৈ উপকাৰী ।৮। গাৰ_ছাল মসৃন আৰু ৰোগমুক্ত কৰে ।

৯। খৰখজুৱতি হলে কৰদৈৰ পাত আৰু কুমলীয়া দাল মিহিকৈ থেতেলাই প্ৰলেপ লগালে উপসম হয় ।১০। সপ্তাহত এবাৰকৈ কৰদৈ আৰু নেমুৰসত জলফাইতেল (oliv oil) বা বাদাম তেল মিহলাই মুৰত ঘহি আধাঘন্টা পিচত ধুই পেলালে চুলি_নিমজ আৰু উফি আদিৰ পৰা ৰোগমুক্ত হয় ।

১১। মাতৃদুগ্ধ কমি গলে কৰদৈ টেঙাৰ তৰকাৰি বা পকা ফল ফলদায়ক।

হানিকাৰক_গুণ

১। অধিক মাত্ৰাত কেচা বা অতি টেঙা কৰদৈ খোৱাতো হিতে বিপৰীত হব পাৰে । বিশেষকৈ গৰ্ভৱতী মহিলা বা অইন জটিল ৰোগীয়ে বেচিকৈ নাখাব । ২। কিডনী ৰোগৰ বাবে হানিকাৰক ।

৩। কিছু ব্যক্তি বিশেষে বা এলাৰ্জি জনীত কাৰনত প্ৰতিক্ৰিয়া অনুভৱ কৰিলে কৰদৈ নাখাব । ৪। হৃদয় ৰোগৰ বাবে কৰদৈ খোৱাতো ভাল যদিও কিছুসংখ্যক ৰোগীৰ বাবে হানিকাৰক হব পাৰে । সেয়ে চিকিত্সকৰ পৰামৰ্শ লৈ খাব ।

৫। অস্ত্ৰোপচাৰ বা জটিল কোনো ৰোগত ভুগি থকা ব্যক্তিয়ে চিকিত্সকক নুসুধাকৈ কেতিয়াও কৰদৈ নাখাব । গতিকে বন্ধুসকল, বজাৰত কম মূল্যতে পোৱা ৰাসায়নিক সাৰ /ঔষধ বৰ্জিত আৰু শৰীৰৰ বাবে উপকাৰী কৰদৈ টেঙা মাজে মাজে নিশ্চয় খাব ।

Leave A Reply