Breaking

কলকাতাত বাতিল হ’ল অৰিজিৎ সিঙৰ কনচাৰ্ট মুখ্যমন্ত্ৰীক অপমান কৰাৰ অভিযোগত…

0 48

নতুন বৰ্ষ উপলক্ষে সমগ্র দেশতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা দেখা গৈছে । ভাৰতীয়  সংগীত জগতৰ অন্যতম শীৰ্ষ সংগীত শিল্পী হৈছে অৰিজিৎ সিং । আনন্দমুখৰ এই সময়ছোৱাত এই শিল্পীজন আজি মুম্বাই , কালি দিল্লী , কলকাতা আদি কৰি বিভিন্ন ঠাইত সংগীতানুষ্ঠান কৰি থকা পৰিলক্ষিত হৈছে ।

কিছুদিন পাছত কলকাতাৰ অন্য এটা লাইভ কনচাৰ্টত উপস্থিত থকাৰ কথা আছিল শিল্পীজন । কলকাতাৰ ইক’পাৰ্কে আয়োজন কৰা এই কনচাৰ্টৰ টিকটৰ মূল্য আছিল ২৫ ৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত ।

কিন্তু এতিয়া খবৰ প্ৰকাশ পাইছে যে, ৫০ হাজাৰ টকা দিলেও অৰিজিতৰ সংগীতানুষ্ঠান প্ৰত্যক্ষ কৰিব নোৱাৰিব কোনো অনুৰাগীয়ে । যিহেতু অৰিজিতৰ এই কনচাৰ্ট বাতিল কৰা হৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি , কিছুদিন পূৰ্বে কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত আছিল এই জনপ্ৰিয় শিল্পীজন । য’ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সন্মুখত তেওঁ ” গেৰুৱা ” শীৰ্ষক গীতটো পৰিবেশন কৰিছিল । সেইলৈ চ’ছিয়েল মিডিয়াত শিল্পীজনক সাংঘাতিক ধৰণে ট্ৰোল কৰা দেখা গৈছিল ।

এতিয়া অৰিজিতৰ কনচাৰ্ট বাতিল হোৱাত মুখ্যমন্ত্ৰীৰ সন্মুখত ” ৰং দে গে তু মোহে গেৰুৱা ” গীত পৰিবেশন কৰা বাবে এই শ্ব’ বাতিল হোৱা বুলি চৰ্চা  হৈছে ।

কিন্তু অৱশেষত ইক’পাৰ্কে অৰিজিতৰ কনচাৰ্ট বাতিল হোৱাৰ কাৰণ উল্লেখ কৰি কয় যে , শিল্পী জনৰ উপস্থিতি উপলক্ষে ইক’পাৰ্কত সাংঘাতিক জনসমাবেশৰ কথা চিন্তা কৰিয়েই এই শ্ব’ বাতিল কৰাৰ সিদ্ধান্ত লৈছে সংস্থাটোৱে ।

ইফালে কনচাৰ্ট বুকিং কৰি শিল্পীজনক আগধন হিচাপে পাঁচলাখ প্ৰদান কৰিছিল সংস্থাটোৱে । ইয়াৰ পাছতো হঠাৎ এই কনচাৰ্ট বাতিল কৰা কথাটো সহজভাৱে লোৱা নাই অনুৰাগীয়ে  ।

প্ৰকাশিত খবৰ অনুসৰি মুখ্যমন্ত্ৰীৰ সন্মুখত শিল্পীগৰাকীয়ে ‘গেৰুৱা ‘ শীৰ্ষক গীত পৰিবেশন কৰা বাবেহে এই কনচাৰ্ট বাতিল কৰা হয় ।

Leave A Reply