ক্ৰীড়াৰে জীৱন পাত কৰা তথা শয়নে সপোনে ক্ৰীড়াকে হিয়াৰ আমুঠু হিচাপে গ্ৰহন কৰা পশ্চিম নলবাৰীৰ পানীগাঁওৰ থানেশ্বৰ সাউদ। শৈশৱ কালৰে পৰা শিক্ষকতা জীৱনৰ চাকৰী অবসৰ গ্ৰহন কৰাৰ পিছতো ক্ৰীড়াৰে জীৱন চৰ্চা কৰা এই গৰাকী প্ৰবীন খেলুৱৈ আজি শষ্যাগত । হুইল চিয়াৰখনে হ’ল তেওঁৰ জীৱনৰ একমাত্ৰ সংগী। আজি চাৰিকুৰি চাৰিবছৰীয়া জীৱনৰ বিয়লি বেলাত তাহানিৰ খেলৰ স্মৃতিকে সুৱৰি বাৰ্ধক্যত দিন কটাইছে তেওঁ। । এসময়ত অসমৰ খেলপথাৰ সমুহত দপ -দপাই থকা প্ৰবীন ক্ৰীড়াবিদগৰাকী এসময়ৰ এগৰাকী আন্তঃ ৰাষ্ট্ৰীয় মাষ্টৰ্চ এথলেট খেলুৱৈ৷ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰো একালৰ সতীৰ্থ৷একেলগে দুয়ো বিভিন্ন প্ৰতিযোগিতাত অংশ গ্ৰহন কৰিছিল৷ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম দিন তিনি ছেপ্তেম্বৰৰ দিনটো ৰাজ্যচৰকাৰৰ ক্ৰীড়া দিৱস হিচাপে ঘোষনা কৰি বৰ্তমানৰ চৰকাৰখনে ক্ৰীড়া ক্ষেত্ৰখনক এক গতিশীল মাত্ৰা প্ৰদান কৰি আহিছে। অবশ্যে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ গৰাকীৰ প্ৰতি এতিয়া ৰাজ্যচৰকাৰৰ দৃষ্টি নপৰা কাৰ্যত জিলাখনৰ ক্ৰীড়াপ্ৰেমী সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে বিশিষ্ট শিক্ষাবিদ তথা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ থানেশ্বৰ সাউদে ১৯৬১ চনত প্ৰতিস্ঠাপক প্ৰধান শিক্ষক হিচাপে মিলন হাইস্কুল পানীগাওঁত সুদীৰ্ঘ ২৮ বছৰ শিক্ষকতা কৰি ১৯৯৮ চনত অবসৰ গ্ৰহন কৰিছিল৷ ইপিনে ১৯৯৪ চনৰ পৰাই সদৌ অসম প্ৰবীন এথলেটিক সংস্হাৰ সৈতে জড়িত হৈ পৰিছিল৷ তেওঁ। সংস্হাটোৰ বিভিন্ন গুৰু দায়িত্ব লাভ কৰিছিল থানেশ্বৰ সাউদে৷এসময়ত ফুটবলত দুভৰিৰ যাদুৰে দৰ্শকক আপ্লুত কৰিছিল৷অকল এয়াই নহয় আন্তঃজিলা,ৰাজ্যিক,ৰাষ্ট্ৰীয়ৰ লগতে আন্তৰাষ্ট্ৰীয় মাষ্টৰচ প্ৰবীন এথলেটিক খেলি ক্ৰীড়া প্ৰেমীৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল থানেশ্বৰ সাউদ৷আনহাতে থানেশ্বৰ সাউদে অসমৰ লগতে ভাৰত বৰ্ষৰ বিভিন্ন প্ৰান্তত মাষ্টাৰ্চ এথলেটিকত অংশ গ্ৰহন কৰি সোন,ৰূপ আৰু ব্ৰঞ্জৰপদক এশৰো অধিক লাভ কৰিবলৈ সক্ষম হৈছিল৷এই গৰাকী প্ৰবীন ক্ৰীড়াবিদে ২০০৬ চনত অনুষ্ঠিত হোৱা মাস্টাৰচ এথলেটিক প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰাৰ লগতে উক্ত বৰ্ষতে বাংগালোৰত অনুষ্ঠিত চতুৰ্দশ এছিয়া মহাদেশ মাষ্টৰচ এথলেটিকত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি দীঘল জাম্পত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷
Breaking
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কোন ধুনীয়া উৰ্ফিনে, জিঅৰ্জিয়া? উৰ্ফি জাভেদতকৈ হট আৰবাজ খানৰ ৫০বছৰীয়া প্ৰেমিকা জিঅৰ্জিয়া এন্দ্ৰিয়ানি! ফটো চাওক…
- আপুনি দুৰ্বল চুলিৰ গৰাকী নেকি? গতিকে এনেদৰে নৰসিংহ পাত ব্যৱহাৰ কৰক…
- প্ৰকৃতিয়ে বিনিময় নিবিচাৰে, প্ৰকৃতি আমাৰ দ্বিতীয় মাতৃ, প্ৰকৃতিৰ লালন পালন আমাৰ দায়িত্ব…
- মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নীতিশ কুমাৰৰ! পতন JDU-BJP চৰকাৰ।নতুন চৰকাৰ গঠনৰ দাবী…
- আলিয়াৰ গৰ্ভধাৰণৰ বিষয়ে কৰীণা কাপুৰে ক’লে – ‘মইও কম বয়সতে গৰ্ভৱতী হৈছিলোঁ’…
- ছ’চিয়েল মিডিয়াত নিজৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি কি ক’লে উৰ্ফিয়ে! কিয় এগৰাকী অভিনেত্ৰীক লক্ষ্য কৰি লৈছে উৰ্ফিয়ে…
- স্বাধীনতা দিৱসৰ সংগতি ৰাখি বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষীৰ ফ্লেগমাৰ্চ
- অভয়াপুৰীত ১০০ মিটাৰ দীঘল ৰাষ্ট্ৰীয় পতাকাৰে “ত্ৰিৰংগা যাত্ৰা”
- ওদালগুৰি জিলা আপকু’ৰ উদ্যোগত শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ পবিত্ৰ স্মৃতিত সাংবাদিক সংহতি দিৱস পালন
- বিদ্যুৎ সংসোধনী বিধেয়ক ২০২২ বাতিলৰ দাবীতবিদ্যুৎ কৰ্মীৰ দিনজোৰা ধৰ্মঘট…