নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে দৌলাশাল আৰক্ষীৰ সহযোগত কালি সন্ধিয়া দৌলাশালৰ পৰা নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছে এটা ড্ৰাগছ সৰবৰাহকাৰীক ৷ বৰবিষ সদৃশ ড্ৰাগছ সৰবৰাহকাৰীজন বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গৰিয়া চতলা গাঁৱৰ প্ৰয়াত আৰান আলীৰ পুত্ৰ চোহাৰ আলী বুলি জানিব পৰা গৈছে ৷ মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰাৰ নেতৃত্বত গুৱাহাটী-বৰপেটা গড়কপ্তানি পথৰ দৌলাশালত গোপন খবৰৰ ভিত্তিত অভিযান চলাই ড্ৰাগছসহ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰে ৷ বৰবিষ সৰবৰাহকাৰীজনে চাৱনৰ বাকছ এটিত অতি কৌশলেৰে বুজন পৰিমানৰ হিৰোইন কঢ়িয়াই আনি থাকোঁতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ধৃত চোহাৰ আলীৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহৰ অভিযোগত মুকালমুৱা আৰক্ষী থানাত গোচৰ ৰুজু কৰি আজি নলবাৰী আদালতত হাজিৰ কৰোৱাত আদালতে জেল হাজোতলৈ প্ৰেৰণ কৰে ড্ৰাগছ বেপাৰীজনক ৷
Breaking
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শ্বাহিদ আচৰিত হৈছিল যেতিয়া মীৰা ৰাজপুতে তেওঁৰ যৌন জীৱনৰ বিষয়ে প্ৰকাশ কৰিছিল
- শাকিৰাৰ ‘ৱাকা ৱাকা’ গানত কঁকাল ভাঙি ভাঙি নৃত্য কৰিলে এগৰাকী বৃদ্ধই।কিন্তু কিয়? ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হ’ল ভিডিঅ’
- কিহৰ বাবে খং কৰিছে পোহনীয়া ভাটৌ চৰাইটিয়ে? এটা এটাকৈ সকলো ঘৰৰ বাচন-বৰ্তন দলিয়াবলৈ আৰম্ভ কৰিলে
- কি অদ্ভুত ৰীতি-নীতি, নৱ বিবাহিত দম্পতীয়ে বিয়াৰ ৩ দিনৰ বাবে যাব নোৱাৰে শৌচাগাৰলৈ। কইনাই কান্দিছে পেটৰ বিষত!
- অজয় দেৱগনে নয়ডা ৰ’ডত ষ্টাইলত ষ্টাণ্ট কৰিছিল, আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে দেৱগনৰ ওপৰত
- ছিপাঝাৰ সমষ্টিৰ প্ৰায় ৭০ গৰাকী ব্যক্তিয়ে আপত যোগদান কৰে
- দৈনিক খোজ খোজ কঢ়াৰ পিছতো আপোনাৰ ওজন হ্ৰাস হোৱা নাই নেকি? তেন্তে কি কৰিব…
- অজয় দেৱগনৰ জীয়ৰী নাইচা দেৱগনে লণ্ডনত বন্ধুবৰ্গৰ সৈতে পাৰ্টী কৰিলে; তাৰপিছত কি হ’ল! পাৰ্টীত কোনে ignore কৰিলে নাইচা দেৱগনক
- আজিৰ পৰা ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ–মূল্যয়কৰ দৃষ্টি আকৰ্ষণৰ বাবে বিভিন্ন বিষয় উপস্থাপন–উৎসৱমুখৰ বিদ্যালয়ৰ পৰিৱেশ
- ২০০০ বৰ্গফুটত ২০০ বিধ উদ্ভিদৰ শাক-পাচলি খেতি কৰে এগৰাকী গৃহিণীয়ে