Breaking

সুলভ মুল্যৰ কেৰাচিন বিক্ৰী কৰি ৰঙাঘৰত সোমাল দোকানীসহ ২ যুৱক

0 79

খাৰুপেটীয়া

দলগাঁৱৰ সমবায় সমিতিসমূহৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন হৈ থকাৰ মাজতে এইবাৰ বৰুৱাঝাৰ সমবায় সমিতিৰ এজন সুলভ মূল্যৰ দোকানীক ক’লা বজাৰত কেৰাচিন বিক্ৰীৰ অপৰাধত মঙলবাৰে দৈপাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। আনহাতে চোৰাং কেৰাচিন ক্ৰয়ৰ অপৰাধত আন দুজনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। স্মৰ্তব্য যে মোল্লাপাৰা আৰু কুঁৱৰী পুখুৰী গাঁৱৰ  দুজন যুৱকে ৪০ লিটাৰ কেৰাচিন লৈ গৈ থকা অৱস্থাত গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ হাতত ধৰা পৰে পিছত গাঁওৰক্ষী বাহিনীৰ সম্পাদকগৰাকীয়ে দৈপাম আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে কেৰাচিনৰ লগতে এখন হেৰোহোণ্ডা কোম্পানীৰ মটৰ চাইকেল জব্দ কৰি এক গোচৰ ৰুজু কৰি দুলীয়াপাৰা গাঁৱৰ সমবায় সমিতিৰ সুলভ মুল্যৰ দোকানী হানিফ আলীসহ তিনিওকে কাৰাগাৰলৈ প্ৰেৰণ কৰে। ইফালে, সাংবাদিকৰ আগত যুৱক দুজনে প্ৰতি লিটাৰ কেৰাচিন ৪৫ টকাত মুঠ ৪০ লিটাৰ কেৰাচিন হানিফ নামৰ সুলভ মূল্যৰ দোকানীৰ পৰা ক্ৰয় কৰে বুলি কয়৷

Leave A Reply