Breaking

প্ৰধানমন্ত্ৰীক হত্যা কৰাৰ ভাবুকি দি গ্ৰেপ্তাৰ চলমান

0 232

দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যা কৰিবলৈ ফোন কৰা এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। খাজুৰী খাছ আৰক্ষী থানাৰ আৰক্ষীয়ে অভিযুক্ত চলমানক গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে, ২২ বছৰীয়া চলমানে যোৱা নিশা আৰক্ষীক ফোন কৰিছিল আৰু প্ৰধানমন্ত্ৰীক হত্যা কৰাৰ ভাবুকি দিছিল। অভিযুক্তজনক দিল্লীৰ জ্যেষ্ঠ আৰক্ষী বিষয়াই সোধা-পোছা কৰি আছে। আৰক্ষীয়ে জনোৱা মতে যুৱকজনৰ ওপৰত পূৰ্বেও কেইবাটাও গোচৰ ৰুজু হৈ আছে। অভিযুক্তজনে প্ৰাৰম্ভিক জেৰাত কৈছিল যে তেওঁ কাৰাগাৰলৈ যাবৰ বাবেই আৰক্ষীক এইদৰে ফোন কৰি ভাবুকি দিছিল।

Leave A Reply