Breaking

অনুচ্ছেদ ৩৭০: উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনালে প্ৰধানমন্ত্ৰী মোদী-গৃহমন্ত্ৰী অমিত শ্বাহে

0 30

কাশ্মীৰৰ প্ৰসংত সোমবাৰে উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায় প্ৰদান কৰে। কেন্দ্ৰই কাশ্মীৰৰ পৰা সংবিধানৰ অনুচ্ছেদ ৩৭০ বিলুপ্ত কৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ আজি ৰায় দান কৰে আদালতে। উচ্চতম ন্যায়ালয়ে আজি প্ৰদান কৰা ৰায়টোত কয় যে অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ কেন্দ্ৰৰ সিদ্ধান্ত সাংবিধানিকভাৱে বৈধ আছিল৷ দেশবাসীৰ আগ্ৰহ-উৎকণ্ঠাৰ অৱসান ঘটাই এই ৰায় উচ্চতম ন্যায়ালয়ৰ৷ ৰায়টো ঘোষণা কৰি উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সংবিধান বিচাৰপীঠে কয় যে জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰাৰ ৰাষ্ট্ৰপতিৰ ২০১৯ৰ আদেশ বৈধ।

সোমবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে অনুচ্ছেদ ৩৭০ বাতিলক প্ৰত্যাহ্বান জনোৱা এক গোটৰ আবেদনৰ ওপৰত সৰ্বসন্মত ৰায় প্ৰদান কৰে৷ উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক আদৰণি জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীয়ে আদালতৰ ৰায়ক আশা, প্ৰগতি আৰু ঐক্যৰ পথত এক বৃহৎ সিদ্ধান্ত বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে অনুচ্ছেদ ৩৭০ৰ সাংবিধানিক বৈধতা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কৰা মন্তব্যকো আদৰণি জনাইছে। মোদীয়ে কয় “কাশ্মীৰ আৰু লাডাখৰ বাবে চৰকাৰে দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰা হ’ব,” । অনুচ্ছেদ ৩৭০ ৰ পৰা বঞ্চিত লোকসকলো এতিয়া অধিক লাভাৱান্বিত হ’ব।

ৰায় ঘোষণা হোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে এক্স-হেণ্ডেলত তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।মোদীয়ে কয় “উচ্চতম ন্যায়ালয়ে ভাৰতৰ সংসদৰ দ্বাৰা লোৱা সিদ্ধান্তক বাহাল ৰাখিছে। আমাৰ কাশ্মীৰী ভাই-ভনীসকলৰ আশা, প্ৰগতি আৰু ঐক্যৰ বাবে এয়া এক উল্লেখযোগ্য সিদ্ধান্ত। ভাৰতীয় হিচাপে আমাৰ পৰিচয় এই ৰায়ত আলোকপাত কৰা হৈছে। জম্মু আৰু কাশ্মীৰ তথা লাডাখৰ লোকসকলক দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰা হ’ব। অনুচ্ছেদ ৩৭০ ৰূপায়ণৰ ফলত বঞ্চিত হোৱা সকলেও উন্নয়নৰ লাভালাভ অৰ্জন কৰিব। আজিৰ ৰায়টো কেৱল আইনৰ জয় নহয়, এক ঐক্যবদ্ধ ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতিও। ’’

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাইছে। শ্বাহে কয় “৫ অক্টোবৰ, ২০১৯ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছিল। তেতিয়াৰে পৰা কাশ্মীৰ উপত্যকালৈ শান্তি ঘূৰি আহিছে। পৰ্যটনকে ধৰি বিভিন্ন খণ্ডৰ উন্নতিকে ধৰি সাধাৰণ মানুহৰ অৰ্থনৈতিক অৱস্থাও উন্নত হৈছে’’।

Leave A Reply