Breaking

টংলাৰ বিভিন্ন ঠাইত কৃত্ৰিম বানপানী।জনসাধাৰণৰ মাজত অভাৱনীয় পৰিবেশৰ সৃষ্টি

0 1,074

ওদালগুৰি জিলাৰ টংলাৰ বিভিন্ন ঠাইত
কৃত্ৰিম বানপানীয়ে এক অভাৱনীয় পৰিবেশৰ সৃষ্টি কৰে।উল্লেখযোগ্য যে বৰজলাহ আদৰ্শ গাঁৱ,মিলনপুৰত ঘৰৰ ভিতৰত কৃত্ৰিম বানপানী, বানসেৰীয়া , শস্ত্রপাৰা আলিকাষ গাওঁ,উত্তৰ জংঘল পাৰা,টংলা ওৱাৰ্ড নং ২ আৰু চমুৱাপাৰাকে ধৰি টংলাৰ বিভিন্ন ঠাইত নেৰানেপেৰা বৰষুণৰ ফলত হোৱা কৃত্ৰিম বানবানীয়ে অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰে।ঘৰৰ ভিতৰত ,পথত একআঁঠু পানী ।নলা- নৰ্দমা নোহোৱাৰ ফলত স্থানীয় ৰাইজৰ ভীষণ ক্ষতি হৈছে।অসম চৰকাৰ ,স্থানীয় প্ৰশাসনক ৰাইজে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।


উল্লেখযোগ্য যে টংলা খন সাগৰ পৃষ্ঠতকৈ প্ৰায় ৮৫ মিটাৰ উচ্চতাত অৱস্থিত। তিনিখন নৈ উপনৈৰ মাজত। গতিকে ইয়াত পানী বেছি সময় ৰৈ থাকিব নালাগে। কিন্তু পৰিকল্পনাহীনভাবে বসতি গঢ়লৈ উঠা আৰু নলা নৰ্দমা পুতি পেলোৱাৰ বাবে মানুহৰ দুৰ্গতি হৈছে বুলি একাংক্ষাই মতপোষণ কৰে। এই ক্ষেত্রত নগৰ সমিতিক উচিত ব্যৱস্থা লবলৈ আহ্বান জনায় সচেতন মহলে

Leave A Reply