দৈনন্দিন বাৰ্তাৰ সেৱা, ২৫ মাৰ্চ: উত্তৰ গুৱাহাটীত(Artificial Floods) ১৯৭০ চনতে স্হাপিত হোৱা(North Guwahati) উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো জৰাজীৰ্ণ অৱস্হাত পৰিণত হৈছিল।

মুখ্যমন্ত্ৰী তথা স্হানীয় বিধায়ক ভ° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ তৎপৰতাত উত্তৰ গুৱাহাটী বাসীৰ স্বাস্থ্য খণ্ডৰ বহুদিনীয়া এটা অভাৱ পুৰণৰ লক্ষ্যৰে আজি উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নৱ নিৰ্মিত ভৱনৰ আধাৰশিলাৰ লগতে কাৰ্য্য পৰিচালনা শাখাৰ নৱ নিৰ্মিত ভৱনৰ ফিটা কাতি মুকলি কৰা হয়।(Guwahati-North Guwahati Bridge)
উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ(North Guwahati Zonal Primary Health Centre) নৱ নিৰ্মিত মূল ভৱনৰ ভুমি পুজন আৰু আধাৰশিলা কাৰ্যসূচী সমাপণ কৰে কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে।

জিলা আয়ুক্তগৰাকীয়ে আজি মুকলি কৰা নৱ নিৰ্মিত এই ভৱনটোত ৰোগীসকলৰ বাবে আধুনিক পৰীক্ষাগাৰ উপলব্ধ হ’ব। স্বাস্থ্য কেন্দ্ৰৰ প্ৰাংগণত শ্যামল চমুৱাই আঁতধৰা মুকলি সভাত সভাপতিত্ব কৰে স্বাস্থ্য কেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰাণেশ্বৰ শৰ্মাই।আদৰণি ভাষণ প্ৰদান কৰি মহকুমা স্বাস্থ্য বিষয়া ড° মুনিন্দ্ৰ নাথ চমুৱাই ভূপেন হাজৰিকাৰ দুটি গীতৰ কলিও পৰিবেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে।(Assam)
বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ্ই বক্তব্যত উল্লেখ কৰে যে ইতিহাস প্ৰসিদ্ধ উত্তৰ গুৱাহাটীত অনাগত সাত মাহৰ ভিতৰত এই নৱ নিৰ্মিত ভৱনটো সম্পূৰ্ণ কৰি স্বাস্থ্য সেৱাৰ বাবে ৰাইজলৈ মুকলি কৰা হব। এই নৱ নিৰ্মিত ভৱনটো সৰ্বাংগ সুন্দৰ হোৱাৰ উপৰিও ইয়াত চিকিৎসা সম্পৰ্কীয় সকলো ধৰণৰ সুবিধা উপলব্ধ হোৱাৰ লগতে প্ৰয়োজনীয় চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্য কৰ্মী অভাৱ নহ’ব বুলি জিলা আয়ুক্ত গৰাকীয়ে উল্লেখ কৰে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে এই নৱ নিৰ্মিত ভৱন সম্পূৰ্ণ হৈ উঠিলেই পৰ্যায়ক্ৰমে এই স্বাস্থ্য কেন্দ্ৰ প্ৰাংগনত চিকিৎসক সকলৰ লগতে নাৰ্চ তথা চিকিৎসা কৰ্মীসকলৰ বাবে প্ৰয়োজনীয় আৱাস গৃহ নিৰ্মাণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।
উত্তৰ গুৱাহাটীবাসীৰ বহু দিনৰ এই অভাৱ বাস্তৱত পৰিণত কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী তথা জালুকবাৰী সমষ্টিৰ স্হানীয় বিধায়ক ড° হিমন্ত বিশ্ব শৰ্মাই অধীক গুৰুত্ব সহকাৰে লৈ আগবঢ়া বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে।লগতে তেওঁ উল্লেখ কৰে যে উত্তৰ গুৱাহাটী বাসীৰ বৰ্তমানৰ যি কৃত্ৰিম বানপানীৰ সমস্যাত ভুগিব লগা হৈছে এই সমস্যা অতিশীঘ্ৰে সমাধান কৰা হ’ব বুলি বক্তব্যত উল্লেখ কৰে।

উত্তৰ গুৱাহাটীৰ এই কৃত্ৰিম বানপানীৰ সমস্যাটো সমাধান কৰাৰ বাবে মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক ড° হিমন্ত বিশ্ব শৰ্মাই অধীক গুৰুত্ব সহকাৰে লৈ ইতিমধ্যে আই আই টি গুৱাহাটীৰ বিশেষজ্ঞৰ লগত আলোচনা কৰি উত্তৰ গুৱাহাটীৰ এই কৃত্ৰিম পানী সমূহ উলিয়াই নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব।
আজিৰ এই সভাত উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বাস্থ্য আচঁনিৰ জিলা প্ৰকল্প বিষয়া স্মীতা শইকীয়া, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ড°অজিত দাস, জিলা মেলেৰিয়া বিষয়া ৰিতুপৰ্ণ ৰাজকুমাৰ, উত্তৰ গুৱাহাটী পৌৰসভাৰ উপ-পৌৰপতি তিলক দাস প্ৰমুখ্যে পাৰিষদসকল, জেষ্ঠ্য অধিবক্তা তথা বিশিষ্ট সমাজকৰ্মী মদন ডেকা, স্বাস্থ্য কেন্দ্ৰ পৰিচালনা সমিতিৰ সম্পাদক জয়ন্ত কুমাৰ নাথ, বেজেৰা মণ্ডল বিজেপিৰ সভাপতি নয়ন বৰা প্ৰমুখ্যে চিকিৎসক আৰু চিকিৎসা কৰ্মী সকলৰ লগতে স্হানীয় ৰাইজ।
শেষত শলাগৰ শৰাই আগবঢ়াই খণ্ড আচঁনি প্ৰকল্প বিষয়া নৱ জ্যোতি বৈশ্যই।