Breaking

শিল্পী দীপশিখা শৰ্মা: যুগমীয়া সংগীতৰ সুমধুৰ কণ্ঠ

0 2,151

কালজয়ী ভাৰতীয় সংগীতৰ সংস্কৃত, হিন্দী, বাংলা আৰু অসমীয়া ৰূপান্তৰ গাই জনপ্ৰিয় হৈ পৰা শিল্পী দীপশিখা শৰ্মা- অসমৰ সংগীত জগতৰ এক নতুন চৰ্চিত নাম। ইতিমধ্যে দিল্লী দূৰদৰ্শনযোগে ড: ভূপেন হাজৰিকাৰ ৰচনাৰে কোকিলকণ্ঠী লতা মঙ্গেশকাৰৰ প্ৰথম অসমীয়া গীত ‘জোনাকৰে ৰাতি’ আৰু ‘ই-টিভি ভাৰত’যোগে- গান্ধীজীৰ প্ৰিয় ভজন ‘ৰঘুপতি ৰাঘৱ’- সংস্কৃত ভাষাত শিল্পী ৰঞ্জন বেজবৰুৱাৰ তত্বাৱধানত আৰু অভিষেক ধৰৰ নিৰ্দেশনাত পৰিৱেশন কৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভূয়সী প্ৰশংসা পাবলৈ সক্ষম হৈছে নগাঁৱৰ শিল্পী দীপশিখা শৰ্মাই।দীপশিখাৰ সংগীত-পৰিক্ৰমাত বৰ্তমান অন্তৰ্ভুক্ত হৈছে মূল আৰু সংস্কৃত ভাষাত- ৰবীন্দ্ৰসংগীত ‘বড়ো আশা কৰে এসেছি’ আৰু ‘পুৰাণো সেই দিনেৰ কথা’, জয়ন্ত হাজাৰিকাৰ কণ্ঠৰ ড: নিৰ্মলপ্ৰভা বৰদলৈৰ গীত ‘মোৰ মিনতি তৰা হয় যদি’, ঊষা মঙ্গেশকাৰৰ কণ্ঠৰ সুধাকণ্ঠ‌ৰ গীত ‘অপৰূপা অপৰূপা’, দীপালি বৰঠাকুৰৰ কণ্ঠৰ ‘সোণৰ খাৰু নালাগে মোক’, লোকগীত- ‘শ্যামকানু দূৰৈ হৈ নাযাবা’, শকুন্তলা কথাছবিৰ গীত ‘প্ৰথম প্ৰহৰ ৰাত্ৰি’ তথা ৰঞ্জন বেজবৰুৱাৰ ৰচিত ‘মোহনগানম্’, ‘মদিৰেক্ষণা’- যাৰ বাণীবন্ধনৰ কাম আগবাঢ়িছে সংস্কৃতিসেৱী পংকজ শৰ্মাৰ প্ৰযোজনা আৰু বিশিষ্ট সংগীত শিল্পীৰ সংগীত ব্যৱস্থাপনাত।আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত সুৰকাৰ, সংগীত পৰিচালক দীপক কুমাৰ শৰ্মাৰ প্ৰশিক্ষণ আৰু তত্বাৱধানত আকাশবাণীযোগে সম্প্ৰচাৰিত হোৱা দীপশিখাৰ কণ্ঠৰ গীত- ‘ অ’ মোৰ মোহনীয়া’, ‘ফাগুনৰ পছোৱা’ উল্লেখযোগ্য।ৰাগসংগীত আৰু আধুনিক সংগীত- উভয়ৰে শিক্ষা গ্ৰহণ কৰি থকা দীপশিখা শৰ্মাৰ গীত ইতিমধ্যে আকাশবাণী নগাঁও, গুৱাহাটী তথা বিভিন্ন আঞ্চলিক টিভি চেনেল, ইউটিউব আদি মাধ্যমেৰেও শ্ৰোতাই আদৰি লৈছে।শৈশৱৰে পৰা এক বিশেষ পৰিসৰত নাটক-ভাওনাত অভিনয় কৰি, বিভিন্ন বাক্-শিল্পত জড়িত হৈ, গীত গাই, প্ৰতিযোগিতাত পুৰষ্কাৰ বুটলি- এক সুস্থ সংস্কৃতিৰ সাধনা কৰি অহা দীপশিখাৰ এই যাত্ৰা সফল, সুন্দৰ আৰু হ‌ওক- তাৰেই কামনা কৰা হ’ল।।

Leave A Reply