Breaking

ভাৰতী সিঙৰ এবছৰীয়া সন্তানক কি কি খাদ্য খোৱাই? খাদ্য তালিকাত থাকে বিশেষ খাদ্য…

0 77

ভাৰতী সিঙৰ এবছৰীয়া সন্তানক কি কি খাদ্য খোৱাই? খাদ্য তালিকাত থাকে বিশেষ খাদ্য…।সুপৰিচিত কমেডিয়ান ভাৰতী সিঙে পুত্ৰ গোলোৰ স্বাস্থ্যৰ বিশেষ যথেষ্ট যত্ন লয়।নিজৰ সন্তানৰ খাদ্যাভ্যাস কঠোৰভাৱে পালন কৰে আৰু স্বাস্থ্যকৰ বস্তু খুৱাই।মাতৃ হোৱাৰ পিছৰে পৰা ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় হৈ থকা ভাৰতী সিঙে নিজৰ সন্তান আৰু মাতৃত্বৰ অভিজ্ঞতাৰ বিষয়ে এটা ভিডিঅ’ৰ জৰিয়তে ৰাইজক অৱগত কৰাই। শেহতীয়াকৈ কমেডিয়ানগৰাকীয়ে পুত্ৰৰ খাদ্যাভ্যাসৰ বিষয়ে প্ৰকাশ কৰিছে।

ভাৰতীয়ে ক’লে, “তেওঁ এবাৰ বা দুবাৰহে বাহিৰৰ গাখীৰ খোৱাই, লগতে ঘৰৰ ভাল খাদ্য খোৱাই। খিচড়ি, শাক-পাচলি খোৱাই। চেনি কম খোৱাই, গুড় বেছি খোৱাই। আনহাতে কিবা মিঠা বনাওঁতে গুড়ৰ সলনি খেজুৰ ব্যৱহাৰ কৰে। দিনত মালিচ কৰাৰ আগতে এটা ফল খোৱাই। আনহাতে ভাৰতীয়ে দালি, ৰুটি, ভাত আৰু শাক-পাচলি খায়।” ভাৰতী সিঙৰ পুত্ৰৰ জন্ম হৈছিল যোৱা বছৰ ২০২২ চনৰ এপ্ৰিল মাহত। কিছুদিন পূৰ্বে অভিনেত্ৰীগৰাকীয়ে পুত্ৰৰ প্ৰথম জন্মদিন উদযাপন কৰিছিল। অভিনেত্ৰীগৰাকীৰ পুত্ৰ গোলা এটি জনপ্ৰিয় চেলিব্ৰিটি কিড, যাৰ আছে লাখ লাখ অনুৰাগী।

Leave A Reply