Breaking

হেজাৰজনক লাইমলাইটলৈ অনা অৰুণদা গ’লগৈঃ শিৱাণু বৰা

0 169

বিশিষ্ট সাংস্কৃতিক সাংবাদিক অৰুণলোচন দাসৰ যোৱা ২৪ অক্টোবৰত ( ২০২৩ ) দিনৰ ২ বজাত নেমকেয়াৰ হাস্পাতালত মৃত্যু হয় । হৃদৰোগত আক্ৰান্ত হৈ যোৱা ১২ অক্টোবৰৰ পৰা নেমকেয়াৰ হাস্পাতালৰ আই চি ইউত ভেণ্টিলেটৰত আছিল সাংবাদিকগৰাকী । অৱশেষত ১১ দিন চিকিৎসাধীন হৈ থকাৰ পিছত ২৪ অক্টোবৰত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭১ বছৰ ।

১৯৭৬ চনৰ পৰা সাংস্কৃতিক সাংবাদিকতাৰ সৈতে জড়িত হৈ মৃত্যুৰ পূৰ্বলৈকে সাংস্কৃতিক সাংবাদিকতাৰ ক্ষেত্ৰখনতেই তেওঁ জড়িত হৈ আছিল । ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ প্ৰতিস্থাপক সভাপতি আছিল অৰুণলোচন দাস । মৃত্যুৰ পূৰ্বলৈকে সন্থাৰ উপদেষ্টা আছিল জ্যেষ্ঠ সাংবাদিকগৰাকী । অসমৰ প্ৰায় সকলোবোৰ কাকত, আলোচনীত বিগত চাৰিটা দশক ধৰি সাংস্কৃতিক ক্ষেত্ৰখনৰ বিভিন্ন বাৰ্তা, সমালোচনা লিখি আহিছিল অৰুণলোচন দাসে । উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন সাংস্কৃতিক কাকত ‘চিত্ৰ সংবাদ’ কাকতখনৰ তেওঁ সহযোগী সম্পাদক আছিল । অসমৰ শিল্পীসকলৰ ফোন নম্বৰ, ঠিকনাকে ধৰি বিভিন্ন শিল্পীৰ জীৱনী সন্নিবিষ্ট ‘লাইমলাইট ডাইৰেক্টৰী’ৰ স্ৰষ্টাও আছিল অৰুণলোচন দাস । ১৯৯৬ চনৰ পৰা নিয়মীয়াকে তেওঁ প্ৰকাশ কৰি আছিল ‘লাইমলাইট ডাইৰেক্টৰী’ ।

অসমীয়া ছবিৰ বিভিন্ন বিষয়ক লৈ ভালেসংখ্যক গ্ৰন্থও তেওঁ লিখিছিল । তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত ‘১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত’ গ্ৰন্থখন আছিল অন্যতম । দুটাকৈ খণ্ডত প্ৰকাশ পাইছিল এই গ্ৰন্থখন । ‘শ্বুটিং ৰিপ’ৰ্ট’, ‘এৰি অহা দিনবোৰত অসমীয়া চিনেমা’, ‘কি নাম দি মাতিম’, ‘অসমীয়া চলচ্চিত্ৰ ( ১৯৩৫ – ১৯৯১ )’, ‘অসমীয়া চিনেমাৰ কথা’, ‘অসমৰ সুৱদীসুৰীয়া গীত’ আদি আন কেইখনমান তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ আছিল । অৰুণলোচন দাসৰ ‘উইণ্ডমিল আৰু টিউলিপ ফুলৰ দেশত’ গ্ৰন্থখনিয়ে পঢ়ুৱৈ সমাজৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল । ‘ৰাইজক সাৱটিম কন্ঠৰ সুৰেৰে’ নামেৰে জয়ন্ত হাজৰিকাৰ গীতৰ এখন সংকলনো তেওঁ প্ৰকাশ কৰিছিল । অসমীয়া চলচ্চিত্ৰৰ বুৰঞ্জী এখন লিখাৰ পৰিকল্পনাও তেওঁ শেহতীয়াকৈ কৰিছিল যদিও সেই কাম আৰম্ভ কৰাৰ পূৰ্বেই তেওঁ মৃত্যুক আঁকোৱালি ল’বলগীয়া হয় । ‘এৰি অহা দিনবোৰত অসমীয়া চিনেমা’ কিতাপখনৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ বঁটাও লাভ কৰিছিল অৰুণলোচন দাসে । ৰাজ্য চৰকাৰৰ সাংবাদিক পেন্সনো লাভ কৰিছিল অৰুণলোচন দাসে ।


১৯৫৪ চনৰ ২৯ মে’ত গুৱাহাটীৰ উজানবজাৰত জন্মগ্ৰহণ কৰিছিল অৰুণলোচন দাসে । ১৯৭৬ চনত আৰতি দাস বৈৰাগীৰ ‘জোনবিৰি’ আলোচনীখনৰ জৰিয়তে কৰ্মজীৱন আৰম্ভ কৰা দাসে ১৯৭৯ চনত ‘ৰূপকাৰ’ আলোচনীখনৰ যোগেদি চলচ্চিত্ৰ সাংবাদিকতাত জড়িত হৈ পৰে । ৮০ দশকত তেওঁ ‘কাদম্বিৰি’ নামৰ এখন সাংস্কৃতিক মাহেকীয়া আলোচনী সম্পাদনা কৰিছিল । জীৱনৰ ২৫ বছৰ বয়সতে, ১৯৭৯ চনত প্ৰকাশ পোৱ বহুৰঙী অফচেটত মুদ্ৰিত প্ৰথমখন চলচ্চিত্ৰ আলোচনী ‘অৱকাশ’ৰ সম্পাদনাৰ সৈতে জড়িত আছিল অৰুণলোচন দাস । ১৯৯০ চনৰ পৰা ১৯৯২ চনলৈকে দুটা বছৰ তেওঁ ‘চিত্ৰ সংবাদ’ৰ সহযোগী সম্পাদক আছিল ।

১৯৭৯ চনত তেওঁ নিজে ‘লাইমলাইট’ নামৰ সংস্থাটোৰ জন্ম দিছিল । এই সংস্থাটিৰ বেনাৰতেই ১০০ খনৰো অধিক ছবিৰ তেওঁ প্ৰচাৰৰ ডিজাইন কৰিছিল । অসমৰ এনে এগৰাকী শিল্পী নাই, যাৰ বিষয়ে তেওঁ কাকত- আলোচনীত নিলিখাকৈ থকা নাই । হেজাৰজনক লাইমলাইটলৈ আনিছিল অৰুণলোচন দাসে । অসমীয়া চিনেমা আৰু শিল্পীৰ মৃত্যুৰ আগলৈকে তেওঁ প্ৰচাৰ – প্ৰসাৰ কৰি গৈছিল । সাংস্কৃতিক সাংবাদিকতাত নিজৰ জীৱন উৎসৰ্গা কৰা অৰুণলোচন দাস এজন সহজ সৰল আৰু নিৰহংকাৰী ব্যক্তি আছিল । নিৰোদ চৌধুৰী, ড° ভূপেন হাজৰিকা, ড° ভৱেন্দ্ৰনাথ শইকীয়া, জাহ্নু বৰুৱা, পৱিত্ৰ কুমাৰ ডেকা, শিৱ প্ৰসাদ ঠাকুৰ, পুলক গগৈ, নিপন গোস্বামী, বিজু ফুকন, ইভা আচাও, ইলা কাকতি, প্ৰশান্ত হাজৰিকা, জয়ন্ত হাজৰিকা, উপেন কাকতি, জনছ মহলীয়া, গৌৰী বৰ্মন, খগেন মহন্ত, বীৰেন্দ্ৰ নাথ দত্ত আইদেউ সন্দিকৈ আদি সাংস্কৃতিক জগতৰ খ্যাতিমান ব্যক্তিৰ সৈতে মধুৰ সম্পৰ্ক আছিল আৰু তেওঁলোকৰ সাংস্কৃতিক কৰ্মৰাজিৰ গুৰুত্ব সহকাৰে প্ৰচাৰ কৰিছিল ।

পুলক গগৈৰ পৰিচালিত ‘সাদৰী’ ছবিৰ আছিল সহকাৰী পৰিচালক। ভৱেন্দ্ৰ নাথ শইকীয়াৰ প্ৰায়কেইখন ছবিৰ লগত প্ৰচাৰ সচিব হিচাপে জড়িত আছিল । অসমীয়া চিনেমাৰ দৃশ্যগ্ৰহণৰ লোকেছনত গৈ শ্বুটিং চাই ৰিপ’ৰ্ট লিখিছিল বিস্ময়, ৰহস্য, মায়া, ৰংঘৰ, ৰূপকৰ, আমাৰ প্ৰতিনিধি, অসম বাণী, দৈনিক অসম, নতুন দৈনিক, আজিৰ অসম, আমাৰ অসম, আজিৰ বাতৰি, ৰংপুৰ, সাদিন আদি সকলো কাকত – আলোচনীত । নগাঁৱৰ ৰহা, হাৰিয়ামুখ নিবাসী প্ৰয়াত শিশুৰাম দাস আৰু শশীপ্ৰভা দাসৰ সাতটি সন্তানৰ চতুৰ্থ সন্তান আছিল অৰুণলোচন দাস । অসমৰ চিত্ৰ সাংবাদিকতাৰ অন্যতম বাটকটীয়া তথা ভাৰত চৰকাৰৰ পৰ্য্যটন বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক কমললোচন দাস তেওঁৰ জ্যেষ্ঠ ভাতৃ আৰু ভালেকেইখন অসমীয়া চলচ্চিত্ৰৰ প্ৰডাকচন কন্ট্ৰলাৰ ৰাজীৱলোচন দাসৰ লগতে সাংবাদিক – সাহিত্যিক তথা শিশু সাহিত্যত সাহিত্য অকাডেমি বঁটাপ্ৰাপক যুগললোচন দাস তেওঁৰ দুজন ভাতৃ । দুগৰাকী বায়েক আৰু এগৰাকী ভনীয়েক আছে তেওঁৰ ।

স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল মঙলদৈত । কলেজৰ ডিগ্ৰী লাভ কৰিছিল গুৱাহাটীত । উজানবজাৰৰ জাহাজঘাটত ভালেমান বছৰ থকাৰ পিছত অনিল নগৰৰ তেওঁ স্থায়ী বাসিন্দা হয় । সৰুৰে পৰা তেওঁ ঘৰতে সাহিত্য – সাংস্কৃতিৰ চৰ্চাৰ পৰিৱেশ পাইছিল । স্কুলীয়া জীৱনত নাটকতো অভিনয় কৰিছিল । ১৯৯২ চনত তেওঁ নগাঁৱৰ জোনালী দাসৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । তেওঁলোকৰ একমাত্ৰ কন্যা সন্তান তিতিক্ষা দাসৰ ভৰলুমুখৰ উদীপ্ত দাসৰ সৈতে যোৱা নৱেম্বৰ মাহত বিবাহ হৈছিল । অৰুণলোচন দাসৰ বিয়োগ অসমৰ সাংস্কৃতিক সাংবাদিকতাৰ ক্ষেত্ৰখনৰ বাবে এক বৃহৎ ক্ষতি ।

“এতিয়া চিনেমাৰ শ্বুটিং ৰিপ’ৰ্ট আনিবলৈ কোন যাব ?” — ২৪ অক্টোবৰৰ সন্ধিয়া অৰুণলোচন দাসক শ্ৰদ্ধাঞ্জলি জনাই বহুজনে হুকহুকাই কান্দি কৈছিল এইদৰে । সঁচাকৈয়ে, শ্বুটিং ৰিপ’ৰ্ট আনিবলৈ আৰু কেতিয়াও ক’লৈকো যাত্ৰা নকৰে অৰুণলোচন দাসে, শ্বুটিং ৰিপ’ৰ্ট লিখিবলৈ আৰু কেতিয়াও কলম নচলে অৰুণলোচন দাসৰ । স্তব্ধ হৈ গ’ল চিনেমাৰ লেখনিৰ সেই কলম । জীৱন স্তব্ধ হৈ গ’ল, কিন্তু অজস্ৰ লেখা আৰু গ্ৰন্থই চিৰদিনলৈ জীয়াই ৰাখিব অৰুণলোচন দাসক ।

Leave A Reply