Breaking

অৰুণাচলী কৌশলী ভূমিৰ আগ্ৰাসন আৰু দল সংগঠনৰ প্ৰতিবাদ বিক্ষোভ

0 519

অসম -অৰুণাচলৰ সীমা কেন্দ্ৰীক সমস্যাক লৈ ক্ৰমশ যেন উত্তপ্ত হৈ পৰিছে মাৰ্ঘেৰিটা মহকুমাৰ। তিনিচুকীয়া জিলাৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৰ সীমা সমস্যা স্থায়ী আৰু ফলপ্ৰসু সমাধান কৰা লগতে অসমৰ ভূমিত অৰুণাচলীৰ আগ্ৰাসন ৰোধ কৰাৰ দাবীত কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠনে যৌথ ভাৱে মাৰ্ঘেৰিটাত এক বিশাল বিক্ষোভ কার্যসূচী ৰূপায়ণ কৰে।সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ছাত্র মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম আহোম সভা, সদৌ তাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ অসম, অসম চাহ জনজাতি ছাত্ৰ সন্থা,সদৌ অসম গোর্খা ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সোনোৱাল কছাৰী ছাত্ৰ সন্থা, নিখিল ৰাভা ছাত্ৰ সন্থা মেছ কছাৰী ছাত্ৰ সন্থা আৰু টি এম পি কে, মাৰ্ঘেৰিটা মহকুমা আৰু আঞ্চলিক সমিতিয়ে এই বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ এক বৃহৎ ভূ-খণ্ড অৰুণাচলৰ লগত চামিল কৰিব লাগে বুলি অসমৰ বায়ু-পানী সেৱন কৰি অহা একাংশৰ নেতা তথা লোকে মত ব্যক্ত কৰা পিছতে জাঙুৰ খাই পৰিছে মাৰ্ঘৰিটা বিভিন্ন দল সংগঠন।

চুবুৰীয়া অৰুণাচল প্ৰদেশৰ এই ভূমিৰ আগ্ৰাসন অতি সু-পৰিকল্পিত আৰু দীৰ্ঘদিনীয়া।অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত প্ৰতিখন চুবুৰীয়া ৰাজ্যই সদায়ে লোলুপ দৃষ্টি নিক্ষেপ কৰি আহিছে।প্ৰাকৃতিক সম্পদত চহকী অসমৰ সীমান্ত অঞ্চলসমূহ চলে বলে কৌশলে আগ্ৰাসনৰ চেষ্টা চুবুৰীয়া ৰাজ্যসমূহে সদায়ে কৰি আহিছে।তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্ততো অৰুণাচলী আগ্ৰাসনে শেহতীয়াকৈ অঞ্চলবাসীক সঁচকিত কৰি তুলিছে।অৰুণাচলী অসমৰ ভূমি এই আগ্ৰাসন আজি হঠাত হোৱা নহয়, বহু বছৰৰ আগৰে পৰা পৰিকল্পিত ভাবে আৰম্ভ হৈছিল ইয়াৰ ৰূপৰেখা।ইয়াৰ বাবে পৰিকল্পিত ভাবে অৰূণাচলে ব্লুপ্ৰীণ্ট তৈয়াৰ কৰিছিল।ইয়াৰ বাবেই অসম-অৰুণাচল সীমান্তৰ বনাঞ্চল সমূহত অৰুণাচলী লোকৰ দ্বাৰা অবাধ বন ধ্বংস লগতে মুক্ত কয়লা খনন(চোৰাং)ৰ কাৰ্য্য চলোৱা হৈছিল।আনহাতে এই ক্ষেত্ৰত অসমৰো একাংশ স্বাৰ্থলোভী চোৰাং ব্যৱসায়ীয়ে হাত উজান দিছিল। অভিযোগ মতে লেখাপানী বন আঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন সংৰক্ষিত বনাঞ্চল সমূহৰ ভুগৰ্ভত প্ৰচুৰ পৰিমাণৰ কয়লা মজুত থকাৰ লগতে মূল্যৱান বনজ সম্পদৰে পৰিপূৰ্ণ হৈ আছে।সেইয়ে অৰুণাচলে এই অঞ্চসমূহৰ নিজৰ অধীনলৈ নিবলৈ প্ৰচেষ্টা চলাই আহিছিল।

আনহাতে প্ৰাকৃতিক সম্পদৰে পৰিপূৰ্ণ এই অঞ্চলসমূহ অৰুণাচলৰ অন্তৰ্ভুক্ত হলে একাশ চোৰাং কয়লা মাফিয়া,কাঠ মাফিয়া তথা বিভিন্ন বনজ সম্পদৰ মাফিয়াসকলৰ অবাধ বেহাৰ কৰাৰ সুবিধা হয় ।যিহেতু অৰুণাচলত প্ৰাকৃতিক সম্পদসমূহৰ বেহা অবাধ হাৰত মুক্ত ভাৱে কৰিব পৰা যায়। সেয়ে অসমৰ একাংশ সুবিধাবাদী জাতিদ্ৰোহী অবৈধ ব্যৱসায়ীয়ে নিজৰ ব্যক্তিগত মুনাফা লাভৰ বাবে অতি কৌশলগত ভাৱে অসমৰ ভূমিৰ অৰুণাচলত চামিল কৰাবলৈ উঠি পৰি লাগিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।এক বিশেষ সুত্ৰই সদৰি কৰা মতে লেখাপানী বন আঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন প্ৰায় দুই হাজাৰ (২০০০) হেক্টৰ ভূমি অৰুণাচল চৰকাৰে নিজৰ অধীনত অনাৰ কুচকাৱাজ অব্যাহত ৰাখিখে।স্থানীয় লোকৰ অভিযোগ যে অৰুণাচল চৰকাৰে ইয়াক বাস্তবায়িত কৰিব বাবে বহু বছৰৰ আগৰে পৰা হাজাৰ হাজাৰ অৰুণাচলী লোকক উক্ত এলেকা সমূহত সংস্থাপিত কৰিছে।কয়লা তথা বনজ সম্পদৰ অসীম ভাণ্ডাৰসমূহত চুবুৰীয়া অৰুণাচলৰ চকু দীৰ্ঘদিনৰে পৰা।যিকোনো প্ৰকাৰে এই অঞ্চলসমূহ দখল কৰা পৰিকল্পনা কৰি আহিছিল চুবুৰীয়া অৰুণাচলে।অসম চৰকাৰৰ দূৰ্বলতা সুযোগ গ্ৰহণ কৰি সংগোপনে ভূমি বেদখলৰ কুজ-কাৱাজ চলাই গৈছিল চুবুৰীয়া অৰুণাচলে।অসমৰ সীমান্ত গাওঁসমূহত অৰুণাচল চৰকাৰে আনকি বিজুলি ,পানী ,বাট-পথ নিৰ্মানৰ লগতে বিভিন্ন সা-সুবিধা প্ৰদানৰ অচিলাৰে নিজৰ ফলিয়া কৰি লবলৈ চেষ্টা অব্যাহত ৰাখিছিল।কিন্তু ইয়াৰ বিপৰীতে অসম চৰকাৰে প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ স্বৰূপ এই সীমান্ত গাওঁসমূহক সদায়ে অৱহেলিত দৃষ্টি ভংগী ৰাখি আহিছিল।ইয়াৰ বাবেই বৰ্তমান অৰুণাচলৰ কু অভিপ্ৰায় পুৰণ হোৱাৰ দিশে গতি কৰিছে।কাৰণ সীমান্ত ৬ খনকৈ গাঁৱৰ বহু লোকে স্বইচ্ছাৰে অৰুণাচলত চামিল হবলৈ ইচ্ছা প্ৰকাশ কৰিছে।কিন্তু অতি পৰিতাপৰ বিষয় যে অসম চৰকাৰ কিম্বা প্ৰসাশনে এই ক্ষেত্ৰত যিধৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল তেনে কোনো পদক্ষেপ লোৱা দেখা পোৱা নাই।যোৱা ৩ চেপ্তেম্বৰ তাৰিখে অসমৰ কেবিনেট মন্ত্ৰী অতুল বৰাই ৰাংৰিংকান পৰিদৰ্শন কালতো অসমৰ ৬ খন গাওঁ অৰুণাচলে তেওঁলোকৰ বুলি স্পষ্ট ভাবে দাৱী জনাইছিল।অসম চৰকাৰৰ দূৰ্বলতা সূযোগ গ্ৰহণ কৰি অসমৰ প্ৰাকৃতিক সম্পদৰে চহকী বহু ভূমি ইতিমধ্যে চুবুৰীয়া ৰাজ্যসমূহে নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছে।মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত অসম-অৰুণাচলৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত কি প্ৰদক্ষেপ গ্ৰহণ কৰে সেইয়াহে লক্ষণীয় হব।আনহাতে প্ৰতিবাদী দল সংগঠনসমূহৰ স্পষ্ট মত কোনো কাৰণতে অসমৰ এক ইঞ্চি মাটিও বহিঃৰাজ্য অৰুণাচলক এৰি দিয়া ন’হব।অৰুণাচলী অসমৰ ভূমিত আগ্ৰাসন কেতিয়াও মানি লোৱা নহব বুলিও দল সংগঠনসমূহে হুংকাৰ প্ৰদান কৰিছে।কিন্তু অৰুণাচলে ইমান দিনে সু- পৰিকল্পিত ভাৱে অসমৰ ভূমিৰ আগ্ৰাসনৰ যি ৰণনীতি তৈয়াৰ কৰি থৈছে এই ক্ষেত্ৰত অসমৰ দল সংগঠনৰ গণতান্ত্ৰিক প্ৰতিবাদ বা বিক্ষোভ কাৰ্যসূচী আদিয়ে অৰুণাচলী অসমৰ ভূমিৰ আগ্ৰাসনত কেনেদৰে বাধা দিব পাৰিব সেইয়া অনাৰ্গত দিনতহে স্পষ্ট হব।আগন্তোক দিনত অসম-অৰুণাচলৰ সীমা সমস্যাক লৈ অসমত যে এক ভয়াবহ পৰিস্থিতি যে উদ্ভৱ হব সেইয়া খাটাং।অসম চৰকাৰে সময়োপযোগী আৰু দৃঢ় ফলপ্ৰসু প্ৰদক্ষেপ নললে যে প্ৰাকৃতিক সম্পদৰে পৰিপূৰ্ণ অসমৰ এক বৃহত ভূমি খণ্ড চুবুৰীয়া অৰুণাচল প্ৰদেশৰ অন্তভূক্ত হব সেইয়া নিশ্চিত।

Leave A Reply