Breaking

ৰাজনৈতিক নেতা হিচাপে পৃথিৱীৰ ভিতৰত ছ’চিয়েল মিডিয়াত সকলোতকৈ বেছি ফলোৱাৰ্ছ থকা ব্যক্তিগৰাকীয়েই হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

0 22

‘ৰাজনৈতিক নেতা হিচাপে পৃথিৱীৰ ভিতৰত ছ’চিয়েল মিডিয়াত সকলোতকৈ বেছি ফলোৱাৰ্ছ থকা ব্যক্তিগৰাকীয়েই হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী’

প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাৰ জীপ ছাফাৰী, হাতী ছাফাৰীৰ ফটো যেতিয়া প্ৰচাৰ কৰিব, কাজিৰঙাখন বিশ্ববন্দিত হ’ব, বিশ্ববিশ্ৰুত হ’বঃ মন্ত্ৰী পীযুষ হাজৰীকা

“প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামৰ অনুগামীৰ সংখ্য বহুত বেছি৷ ৰাজনৈতিক নেতা হিচাপে পৃথিৱীৰ ভিতৰত ছ’চিয়েল মিডিয়াত সকলোতকৈ বেছি ফলোৱাৰ্ছ থকা ব্যক্তিগৰাকীয়েই হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া”- আজি যোৰহাটত সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই৷ প্ৰধানমন্ত্ৰীগৰাকীৰ কাজিৰঙা ভ্ৰমণ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে কাজিৰঙাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিহেতু হাতী ছাফাৰী কৰিব, নিশ্চিতভাৱে তেওঁ কাজিৰঙাৰ জীপ ছাফাৰী, হাতী ছাফাৰীৰ ফটো প্ৰচাৰ কৰিব আৰু কাজিৰঙাখন বিশ্ববন্দিত হ’ব, বিশ্ববিশ্ৰুত হ’ব৷ গতিকে নিশ্চিতভাৱে কাজিৰঙাত দেশী-বিদেশী পৰ্যটকৰ সংখ্যা বাঢ়িব৷ আৰু অসমখন আগুৱাই যাব৷ মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ বাবে বহুত কাম কৰিছে আৰু কাম কৰিবলৈ আহিছে, আমি তেওঁক সকলোৱে আদৰণি জনাম৷

উল্লেখ্য যে যোৰহাটত চৰকাৰে নিৰ্মাণ কৰা ১৫০ ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিও প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্মোচন কৰিব৷ এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে লাচিত বৰফুকনৰ শৌৰ্য, বীৰ্যৰ কথা সকলোৱে জানে ৷ লাচিত নহ’লে আমি ক’ত থাকিলো হয়, মোগলে আমাক কি কৰিলে হয়- এই কথা আমি সকলোৱে জানো৷ সেইজনা বীৰৰ প্ৰতি শ্ৰদ্ধা জনাই আমাৰ চৰকাৰে ১৫০ ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিছে৷ এই প্ৰতিমূৰ্তিটোও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উন্মোচন কৰিব, এয়া আমাৰ কাৰণে ভাল খবৰ৷

লোকসভা নিৰ্বাচন সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে আমি সকলোতে জিকিম৷ কংগ্ৰেছৰ একো লাভ নাই, তেওঁলোকৰ প্ৰাৰ্থীয়েই নাই বুলি কৈ কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ নাম শুনিছে নেকি বুলি তেওঁ ওলোটাই প্ৰশ্ন কৰে৷ কংগ্ৰেছৰ এনেকুৱা পৰিৱেশ হৈছে যে তিনিটা সমষ্টি বাদ দি কংগ্ৰেছৰ প্ৰাৰ্থী নাই বুলি কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে৷ তেওঁ কয় যে নগাঁও, ধুবুৰী আৰু কৰিমগঞ্জক বিদ দি কংগ্ৰেছৰ প্ৰাৰ্থীয়েই নাই৷ তেওঁলোকে জবৰদস্তি ‘আপুনি খেলক, আপুনি খেলক, তুমি খেলা, তুমি খেলা’ বুলি কৈ থাকিব লগা হৈছে৷ কংগ্ৰেছৰ অৱস্থা খুব বেয়া বুলি মন্ত্ৰী হাজৰীকাই কয়৷ আনহাতে, যোৰহাট সমষ্টিত তিনি গগৈ- অখিল, লুৰীণ আৰু গৌৰৱ গগৈ যদি লগ হয়, বিজেপি শলঠেকত পৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এইবিলাক কৈ একো লাভ নাই বুলি কয়৷ তেওঁ কয় যে এইবিলাক হৈছে সাম্প্ৰদায়িক কথা-বতৰা৷ এইবিলাক কথা ক’লে শ্ৰদ্ধাৰ আহোম মানুহখিনিয়েও বেয়া পাব বুলি তেওঁ কয়৷ তেওঁ আৰু কয় যে আমি সকলোৱে মিলি পেলাই কাম কৰি আছো, ক’ত তেনেকুৱা তিনি গগৈৰ ফৰ্মূলা থাকে বুলি সাংবাদিকক প্ৰশ্ন কৰে৷

আনহাতে, মন্ত্ৰী পীযুষ হাজৰীকাই গৌৰৱ গগৈয়ে যদি যোৰহাটত খেলে, তেওঁ আঢ়ৈ লাখ ভোটত হাৰিব বুলি মন্তব্য কৰে৷

Leave A Reply