Breaking

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু,উত্তপ্ত পৰিস্থিতি

0 46

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু, উত্তপ্ত পৰিস্থিতি। শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাত আৰক্ষীৰ জিম্মাত আচামীৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি । গৌৰীসাগৰ আৰক্ষী থানাৰ সমীপত কালি বিয়লি পুতুল দাস নামৰ এজন ব্যক্তিৰ AS 04 H 8430 নম্বৰৰ এখন কলা ৰঙৰ পালচাৰ বাইক চুৰি হৈছিল ।

কালি নিশা গৌৰীসাগৰ আৰক্ষীয়ে চি চি টি ভি ফুটেজৰ আধাৰত গৌৰীসাগৰ ৰ আৰক্ষীয়ে বাবু গোৱালা নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল । সঘনাই বাইক চুৰিৰ ঘটনা সংঘটিত হৈ আছিল গৌৰীসাগৰত । মৃত বাবু গোৱালাই নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ অভিযোগ ।

পলায়নৰ চেষ্টা কৰোতেই কাষতে অৱস্থিত গৌৰীসাগৰ বৰপুখুৰীত পৰি যোৱাত সংকটজনক অৱস্থাত গৌৰীসাগৰ আৰক্ষীয়ে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে বাবু গোৱালাকচিকিৎসকে প্ৰাথমিক চিকিৎসাতেই মৃত ঘোষণা কৰে বাবু গোৱালাক ।এই ঘটনাক লৈ পুৱা গৌৰীসাগৰ আৰক্ষী থানাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

পৰিয়ালৰ লোকে বাবু গোৱালাৰ মৃত্যুৰ কাৰণ বিচাৰি গৌৰীসাগৰ আৰক্ষী থানাৰ চৌহদ উত্তপ্ত কৰে ।পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী মোতায়েন । গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যজিত বৰঠাকুৰক তৎকালীন ভাবে চাকৰিৰ পৰা নিলম্বন ।আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ অধীনত সমগ্ৰ ঘটনাৰ তদন্ত কৰিব শিৱসাগৰ আৰক্ষীয়ে ।

Leave A Reply