Breaking

পুৱাই শিৱসাগৰৰ শিৱদ’লত ৰাজ্যবাসীৰ মংগল কামনাৰে সেৱা জনালে অশোক সিংহালে

0 44

মন্ত্ৰী অশোক সিংহালে পুৱাতেই ঐতিহাসিক ৰাজধানী শিৱসাগৰৰ মাজ-মজিয়াতে অৱস্থিত শিৱদ’লত ৰাজ্যবাসীৰ মংগল কামনাৰে এভাগি সেৱা জনাই দিনটোৰ শুভাৰম্ভণি কৰে। আহোম স্বৰ্গদেউসকলৰ স্মৃতি বিজড়িত এই সম্পদসমূহে সমূহে জাতিটোৰ তথা ৰাজ্যখনৰ প্ৰাচুৰ্য্যতাৰ কথাকেই সোঁৱৰাই দিয়ে বুলি কয় মন্ত্ৰীগৰাকীয়ে।

শিৱদ’লৰ সৌন্দৰ্য্যই আজি যিদৰে মন-প্ৰাণ সজীৱ কৰি তুলিলে, একেদৰে আৰু অধিক নিষ্ঠাৰে কাম কৰি যাবলৈ উদ্যম লাভ কৰিছো,কিয়নো এই সম্পদসমূহ আমাৰ ৰাজ্যৰ সমৃদ্ধিশালী আৰু চহকী অতীতৰ পৰিচায়ক বুলিও মন্তব্য কৰে।

Leave A Reply