Breaking

দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনত আছুৰ ১৩ গৰাকী বিনাপ্ৰতিদ্বন্দিতাৰে জয়ী

0 2,260

দেওমৰনৈ মহাবিদ্যালয় (কনিষ্ঠ)ৰ  ২০২১-২২ শিক্ষাবৰ্ষ ছাত্র একতা সভাৰ সাধাৰণ নিৰ্বাচনত আছু সমৰ্থিত ১৩ গৰাকী প্ৰাৰ্থীয়ে বিনাপ্ৰতিদ্বন্দিতাৰে জয়লাভ কৰে । উপসভাপতিপদত মৃগাংক চলিহা,সাধাৰণ সম্পাদক পদত হিমান জ্যোতি শৰ্মা,খেল বিভাগৰ সাধাৰণ সম্পাদক বিশাল বৰুৱা সহঃ সম্পাদক জ্যোতিময় চহৰীয়া ,সাংস্কৃতিক বিভাগৰ সাধাৰণ সম্পাদক চয়নিকা ডেকা সহঃ সম্পাদক ৰফিকুদ্দিন আহমেদ আলোচনী বিভাগৰ সাধাৰণ সম্পাদক ভাৰ্গৱ জ্যোতি নাথ সহঃ সম্পাদক চালমা শ্বাহনাজ সাহিত্য বিভাগৰ সাধাৰণ সম্পাদক কাব্যশ্ৰী চহৰীয়া সহঃসম্পাদক ৰেহেনা আখতাৰ বেগম সমাজসেৱা বিভাগৰ সম্পাদক ধ্ৰুৱজ্যোতি ৰাজবংশী,ছাত্র জিৰণি চ’ৰা সম্পাদক প্ৰণৱ ডেকা,ছাত্রী জিৰণি চ’ৰা সম্পাদিকা ৰূপশিখা কলিতাক আজি দেওমৰনৈ আঞ্চলিক ছাত্র সন্থাই আদৰণি জনাই । আদৰণি কাৰ্যসূচীত উপস্থিত থাকে দেওমৰনৈ আঞ্চলিক ছাত্র সন্থাৰ উপসভাপতি চিন্টু নাথ,সহঃ সাধাৰণ সম্পাদক কুৰ্নাল শৰ্মা,সাংগঠনিক সম্পাদক  জিতুল দাস আৰু অপূৰ্ব শৰ্মাই।

Leave A Reply