Breaking

ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা তৃতীয়খন টেষ্টত অংশগ্ৰহণ নকৰে অশ্বিনে…

0 49


শুকুৰবাৰে সন্ধিয়া ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে নিশ্চিত কৰে যে পাৰিবাৰিক চিকিৎসা জৰুৰীকালীন অৱস্থাৰ বাবে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা তৃতীয়খন টেষ্টৰ পৰা ৰবিচন্দ্ৰন অশ্বিনে আঁতৰি গৈছে। “বিচিচিআইয়ে চেম্পিয়ন ক্ৰিকেটাৰগৰাকী আৰু তেওঁৰ পৰিয়াললৈ আন্তৰিক সমৰ্থন আগবঢ়াইছে। খেলুৱৈ আৰু তেওঁলোকৰ আপোনজনৰ স্বাস্থ্য আৰু মংগলৰ বাবে সৰ্বোচ্চ গুৰুত্ব আছে।”

বিচিচিআইয়ে এক সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি, “পৰিয়ালৰ চিকিৎসা জৰুৰীকালীন অৱস্থাৰ বাবে তৎক্ষণাত কাৰ্যকৰী হোৱা ৰবিচন্দ্ৰন অশ্বিনে টেষ্ট দলৰ পৰা আঁতৰি আহিছে। এই প্ৰত্যাহ্বানমূলক সময়ত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই) আৰু দলটোৱে অশ্বিনক সম্পূৰ্ণৰূপে সমৰ্থন কৰে।”

Leave A Reply