Breaking

অসম গণ পৰিষদৰ কেন্দ্ৰীয় জ্যেষ্ঠ নেতা অৰবিন্দ মেধীৰ পদত্যাগ! দলৰ কাৰ্যকৰ্তাৰ পৰা অসন্তুষ্টি প্ৰকাশ…

0 21

অসম গণ পৰিষদৰ কেন্দ্ৰীয় জ্যেষ্ঠ নেতা অৰবিন্দ মেধীয়ে আজি দলৰ পৰা পদত্যাগ কৰা বুলি ঘোষণা কৰে। ২০০৫ চনৰ পৰা অসম গণ পৰিষদৰ দলত ওতঃপ্ৰোতঃ ভাৱে জড়িত হোৱাৰ লগতে বিগত বৰ্ষত মেধীক দলটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক হিচাপে দায়িত্ব প্ৰদান কৰিছিল যদিও এইবাৰ আকস্মিক ভাৱে কোনোধৰণৰ খবৰ নকৰাকৈ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যৰ পৰা অপসাৰণ কৰে।

ইয়াৰ পিছতেই তেখেতক তামুলপুৰ সমষ্টিৰ উপ-সভাপতি পদত অধিষ্ঠিত কৰে যদিও ক্ষোভিত হৈ পৰে অগপৰ জ্যেষ্ঠ নেতা গৰাকীয়ে। এইক্ষেত্ৰত আন ৰাজনৈতিক কোনো দলে আমন্ত্ৰণ জনালে যোগদান কৰাৰ কথাও উল্লেখ কৰে জ্যেষ্ঠ নেতা গৰাকীয়ে।

Leave A Reply