Breaking

লাচিত দিৱসত তেজপুৰত বীৰ গৰাকীৰ প্ৰতিমূৰ্তিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিশেষ ভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে…

0 67

“দেশতকৈ মোমাই ডাঙৰ নহয়” বুলি দেশ আৰু জাতিৰ বাবে কাললৈ খিয়াতি ৰাখি যোৱা অসমৰ জাতীয় জীৱনৰ সকলোতকৈ বীৰ পুৰুষ হিচাপে পৰিগণিত হোৱা লাচিত দিৱসৰ আজিৰ দিনটোৰ পুৱাতেই তেজপুৰৰ নেহৰু ময়দানৰ সন্মুখত থকা বীৰ গৰাকীৰ প্ৰতিমূৰ্তিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিশেষ ভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এসময়ৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা তথা বৰ্তমানৰ তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰকে ধৰি বিশিষ্ট ব্যক্তিসকলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লোৱা এই অনুষ্ঠানতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰ্তমানৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই পুনৰ তেজপুৰ নেহৰু ময়দানৰ নাম “লাচিত বাকৰি” ৰাখিবলৈ অসম চৰকাৰক দাবী জনাই।


১৯৮৭ চনত তেজপুৰৰ নেহৰু ময়দানৰ সন্মুখত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত স্হাপন হোৱা অসমৰ বীৰ পুৰুষ লাচিত বৰফুকনৰ প্ৰথমটো এই বিশালাকাই প্ৰতিমূৰ্তিৰ সন্মুখত আজি পুৱাই এনেদৰে সমবেত হ’লহি বিশিষ্ট ব্যক্তি সকল । ১৯৭৯ চনৰ পৰা লাচিত দিৱস তেজপুৰত উদযাপন কৰাৰ পিছত ১৯৮৭ চনত স্হাপন কৰিছিল ।

Leave A Reply