Breaking

যশস্বী সাহিত্যিক ড° ধ্ৰুৱজ্যোতি বৰালৈ ২০২৩ চনৰ ‘অসম প্রকাশন পৰিষদ সাহিত্য বঁটা’…

0 79

যশস্বী সাহিত্যিক ড° ধ্ৰুৱজ্যোতি বৰালৈ ২০২৩ চনৰ ‘অসম প্রকাশন পৰিষদ সাহিত্য বঁটা’। বিশিষ্ট সাহিত্যিক আৰু প্রকাশকক প্রদান কৰি অহা ‘অসম প্রকাশন পৰিষদ সাহিত্য বঁটা’ আৰু ‘অসম প্রকাশন পৰিষদ প্রকাশক বঁটা’ ঘোষণা কৰা হয়। চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত কাইলৈৰ পৰা অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া অসম গ্রন্থমেলা, গুৱাহাটীৰ বাকৰিত এক সংবাদমেলৰ আয়োজন কৰি পৰিষদৰ সচিব প্রমোদ কলিতাই এই কথা ঘোষণা কৰে। এই বিষয়ে সদৰী কৰি তেওঁ কয় যে ২০২৩ বৰ্ষৰ ‘অসম প্রকাশন পৰিষদ সাহিত্য বঁটা’ৰে সন্মানিত হৈছে বিশিষ্ট সাহিত্যিক ড° ধ্ৰুৱজ্যোতি বৰা। ‘ইনাৰ লেগুস্কেইছ’ শীর্ষক গ্রন্থখনৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে।

এই বঁটাত আছে নগদ ৫ লাখ টকা, প্রশস্তি-পত্র, অংগবস্তু আৰু গ্ৰন্থৰ টোপোলা। উল্লেখ্য, ‘অসম প্রকাশন পৰিষদ সাহিত্য বঁটা’ লাভ কৰা বিশিষ্ট সাহিত্যিক ড ধ্রুৱজ্যোতি বৰাৰ ‘ইনাৰ লেগুস্কেইছ’ গ্রন্থখন প্ৰকাশ কৰি উলিয়াইছে অসম পাব্লিছিং কোম্পানীয়ে। সেয়ে অসম পাব্লিছিং কোম্পানীলৈ আগবঢ়োৱা হৈছে ‘অসম প্রকাশন পৰিষদ প্রকাশক বঁটা’। প্রকাশকৰ বঁটাত আছে নগদ ৩ লাখ টকা, মানপত্র, অংগবস্তু আৰু কিতাপৰ টোপোলা। কাইলৈ অসম গ্রন্থমেলা, গুৱাহাটীৰ উদ্বোধনী অনুষ্ঠানত এই বঁটা আনুষ্ঠানিকভাবে প্রদান কৰা হ’ব। উল্লেখ্য যে অসম প্রকাশন পৰিষদে ‘অসম প্রকাশন পৰিষদ সাহিত্য বঁটা’ বিগত ২০২১ বর্ষত ড° নন্দিতা দেবী আৰু ২০২২ বৰ্ষত ড° প্রণবজ্যোতি ডেকাক প্রদান কৰিছিল। সেইদৰে উক্ত দুটা বৰ্ষত প্রকাশকৰ বঁটা লাভ কৰা প্ৰকাশন প্রতিষ্ঠান দুটা হৈছে ক্রমে ‘জ্যোতি প্রকাশন’ আৰু ‘বান্ধব’।

উল্লেখযোগ্য যে এইবাৰ বঁটাৰ বাবে লেখক আৰু প্ৰকাশকৰ পৰা প্রায় ২০০খন গ্রন্থ অসম প্রকাশন পৰিষদত জমা দিয়া হৈছিল। বঁটাৰ বাবে গঠিত বিচাৰকমণ্ডলীয়ে প্রথমে এই ২০০খন গ্রন্থৰ পৰা ২০খন গ্রন্থ নির্বাচন কৰে। পৰৱৰ্তী পৰ্যায়ত ১০খন আৰু শেষত ৬খন গ্রন্থ চূড়ান্ত বিচাৰৰ বাবে নির্বাচন কৰে। এই ৬খন গ্ৰন্থৰ মাজৰ পৰা ড° ধ্রুবজ্যোতি বৰাৰ ‘ইনাৰ লেগুস্কেইছ’ গ্রন্থখনক ২০২৩ বৰ্ষৰ ‘অসম প্রকাশন পৰিষদ সাহিত্য বঁটা’ৰ বাবে নিৰ্বাচন কৰা হয়। লগতে ড’ বৰাৰ উপন্যাস ‘ইনাৰ লেগুস্কেপইছ’ প্ৰকাশ কৰি উলিওৱা অসম পাব্লিছিং কোম্পানীলৈ ‘অসম প্রকাশন পৰিষদ প্রকাশক বঁটা’ আগবঢ়োৱা হয়। বিচাৰকমণ্ডলীয়ে চূড়ান্ত পর্যায়ত নিৰ্বাচন কৰা ৬খন গ্রন্থৰ অন্যান্য পাঁচখন গ্রন্থ হ’ল- য়েছে দৰজে ঠংচিৰ ‘ধাৰ আৰু অন্যান্য গল্প’, দেবব্রত দাসৰ ‘বাজহাঁহৰ গান’, শিৱানন্দ কাকতিৰ ‘আয়ু যায় হালে জালে’, অপূর্ব কুমাৰ শইকীয়াৰ ‘মনৰ ডাক্তৰ’ আৰু বিতোপন বৰবৰাৰ ‘২১ গ্রামৰ জীৱন’। ‘অসম প্রকাশন পৰিষদ সাহিত্য বঁটা’ৰ ২০২৩ বৰ্ষৰ বিচাৰক সমিতিখনত আছিল ক্রমে সুমন্ত চলিহা (অধ্যক্ষ), ড° অদিতি বেজবৰুৱা (সদস্য), ড° সত্যকাম বৰঠাকুৰ (সদস্য) ড° লক্ষী হাজৰিকা (সদস্য) আৰু মিহিৰ দেউৰী (সদস্য)।

Leave A Reply