অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ অনুষ্ঠান সম্পন্ন । assam sahitya sabha

নগাঁও, ১০ মাৰ্চ: assam sahitya sabha । অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ অনুষ্ঠান আজি কমলাদেৱী তোদী স্মৃতি ভৱনত অনুষ্ঠিত হয়। সভাখনত অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাৰ সভাপতিত্বত প্ৰধান সম্পাদক দেৱজিৎ বৰা, সদ্য বিদায়ী সম্পাদক প্ৰতাপ হাজৰিকা, প্ৰাক্তন সম্পাদক মৃণাল হাজৰিকা, প্ৰাক্তন জিলা সভাপতি উপেন্দ্ৰ বৰকটকী, পৰাণ বৰুৱা, থগিত চন্দ্ৰ মহন্ত, হোজাই জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° গুণেশ্বৰ শইকীয়া, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য শংকুসিদ্ধ নাথ, নৱনিৰ্বাচিত জিলা সভাপতি ড° শৰৎ বৰকটকী, জিলা সম্পাদক ৰাজীৱ হাজৰিকা প্রমুখ্যে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানত প্ৰধান সম্পাদক দেৱজিৎ বৰাই সাহিত্য সভাৰ সংগঠকসকলক উদ্দেশ্য কৰি কয়, “বিদায় পৰ্বত গালি-গালাজেৰে নহয়, কৃতজ্ঞতা আৰু প্ৰশংসাৰে বিদায় জনাওক। সাহিত্য সভাক সমালোচনাৰে নহয়, সদস্য অন্তৰ্ভুক্তি আৰু সেৱাৰে শক্তিশালী কৰিব লাগে।” তদুপৰি, তেওঁ যুৱ প্ৰজন্মক সাহিত্য সভাৰ লগত অধিক জড়িত কৰাৰ বাবে বিদ্যালয়-মহাবিদ্যালয়সমূহত শাখা সাহিত্য সভা গঠন কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।

সভাখনত নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ দুকুৰিৰো অধিক শাখা সাহিত্য সভাৰ সভাপতি, সম্পাদক তথা বিষয়ববীয়াসকল উপস্থিত থাকে। নৱনিযুক্ত আঞ্চলিক সম্পাদক ৰেৱত কুমাৰ হাজৰিকা আৰু সাংগঠনিক সম্পাদক নিত্যানন্দ বৰাক আনুষ্ঠানিকভাৱে দায়িত্ব অৰ্পণ কৰা হয়।

সভাৰ সভাপতি পদুম ৰাজখোৱাই ভাষণত কৈ যায়, “শাখা সাহিত্য সভাৰ ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণেই একমাত্ৰ লক্ষ্য নহয়, সাহিত্য আৰু সমাজ গঠনত সক্ৰিয় ভূমিকা লোৱাটো অধিক প্ৰয়োজনীয়। প্ৰতিজন অসমীয়াই জাতীয় চেতনাৰ উন্মেষ ঘটাই সাহিত্য সভাক শক্তিশালী কৰিব লাগিব।”

চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা সভাখন শেষ হয় জাতীয় সংগীত পৰিৱেশনৰে।

Related Articles