Breaking

অসম সাহিত্য সভাৰ জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী সন্মান বিশিষ্ট শিল্পী ৰমেন চৌধুৰীলৈ…

0 80

অসম সাহিত্য সভাৰ ধুবুৰী আঞ্চলিক কাৰ্যালয়ত ১১ জানুৱাৰী ২০২৪ খ্ৰীষ্টাব্দ তাৰিখে দিনৰ ১১.৩০ বজাত এখনি প্ৰেছ মেলৰ আয়োজন কৰি জ্যোতি দিৱস উপলক্ষে প্ৰদান কৰিবলগীয়া জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী সন্মান প্ৰদান কৰিবলগীয়া বিশিষ্ট শিল্পীগৰাকীৰ নাম ঘোষণা কৰাৰ লগতে আগন্তুক অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিবেশন সম্পৰ্কে বক্তব্য আগবঢ়াই অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড.উপেন্দ্ৰজিৎ শৰ্মাই।অহা ১৭ জানুৱাৰীত অসম সাহিত্য সভাই কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত,চাংসাৰীৰ উদয়ন শাখা সাহিত্য সভাৰ সহযোগত আৰু মলংবাসী ৰাইজৰ আতিথ্যত এক সুন্দৰ প্ৰাকৃতিক পৰিবেশত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৃতি বিজড়িত দিনটো জ্যোতি দিৱস হিচাপে পালন কৰিবলৈ আগবাঢ়িছে।এই দিৱসতে সভাই প্ৰথম বাৰৰ বাবে অসম সংস্কৃতি জগতখনৰ বিশিষ্ট শিল্পী ৰমেন চৌধুৰীদেৱলৈ জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী সন্মান আগবঢ়াইছে। শিল্পী ৰমেন চৌধুৰীয়ে সমগ্ৰ জীৱনটো অসমৰ সংগীত জগতখনৰ উত্তৰণ অৰ্থে কৰ্ম সম্পাদন কৰি আমাৰ সংস্কৃতি জগতখনক সময়ৰ গতিত আগবঢ়াই লৈ গৈছে। বিশেষকৈ অসমৰ জাতি -জনগোষ্ঠী লোক সংগীত সংৰক্ষণৰ দিশটোত সৰ্বাধিক গুৰুত্ব দিয়াৰ লগতে কেইবাখনো অসমীয়া বোলছবিত সংগীত পৰিচালক হিচাপে দায়িত্ব পালন কৰিছে।আজিৰ তাৰিখত ৰমেন চৌধুৰী অসমৰ সংগীত জগতখনৰ এটি প্ৰাত: স্মৰণীয় নাম।


অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিবেশনখনি অহা ৩১ জানুৱাৰীৰ পৰা ৩ফ্ৰেব্ৰুৱাৰী ২০২৪ তাৰিখলৈ বাৰপূজীয়াৰ ঐতিহাসিক পাঁচো ৰজা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব। ইতিমধ্যে মৰিগাঁও জিলাবাসীৰ লগতে বাৰপূজীয়াৰ ৰাইজ অতিথিসকলক আদৰিবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে।বাৰপূজীয়াবাসীয়ে স্ব উৎপাদিত সামগ্ৰীৰে অতিথি সেৱাৰ সংকল্প গ্ৰহণ কৰিছে।আভিজাত্যৰ ধামখুমিয়াত উটি ভাহি নগৈ সাধাৰণ জীৱন শৈলীৰে অধিবেশনখন অনুষ্ঠিত কৰিব বিচাৰিছে।এইখন অধিবেশনলৈ ভাৰতবৰ্ষৰ বিদগ্ধ সংস্কৃত পণ্ডিত উৰিষ্যাৰ অধ্যাপক ড.সম্পদানন্দ মিশ্ৰ প্ৰথমখন মুকলি সভাত পৰম সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। অসমৰ সন্মানীয় মুখ্য মন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণৰ লগতে অধিবেশনখন সফলতাৰে অনুষ্ঠিত কৰাৰ অৰ্থে নিজৰ অনুভৱ ব্যক্ত কৰিছে। এই অধিৱেশনখনিত জাতীয় বৌদ্ধিক সন্মিলন,কবি সন্মিলন, ৰামধেনু, আকাশ, কুঁহি, নাট্য সন্মিলন, সাহিত্য সন্মিলন, জনগোষ্ঠীয় সমাৰোহ, জনগোষ্ঠীয় ছাত্ৰ -যুৱ সন্মিলন, সাংস্কৃতিক সন্মিলন, সাংবাদিক সন্মিলন, বুৰঞ্জী সন্মিলন আদি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

Leave A Reply