Breaking

অসম যুৱ পৰিষদ তৰফৰ পৰা নৱনিযুক্ত অগপৰ কেন্দ্ৰীয় সম্পাদক দিলীপ কুমাৰ দাসক সম্বৰ্ধনা জ্ঞাপন…

0 60

বিগত কিছুদিন পূৰ্বে অসম গণ পৰিষৰদ যুৱ নেতা তথা নলবাৰী সমাজ জীৱনৰ লগত জৰিত বিশিষ্ট সমাজকৰ্মী দিলীপ কুমাৰ দাসে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদকৰ দায়িত্বভাৰ গ্ৰহণ কৰে।

যাৰ বাবে দলটোৰ বিষয়ববীয়া তথা তৃণমূল পৰ্য্যায়ৰ কৰ্মীৰ লগতে নলবাৰী বিভিন্ন যুৱচামে দিলীপ কুমাৰ দাসক অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদকৰ দায়িত্ব প্ৰদান কৰাত উৎফুল্লিত হৈ পৰে।

সেইমৰ্মে আজি অসম যুৱ পৰিষদ নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা নৱ নিযুক্ত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সম্পাদক দিলীপ কুমাৰ দাসক বিপুল সম্বৰ্ধনা জ্ঞাপন কৰাত পৰিলক্ষিত হয়। অসম যুৱ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি কিশোৰ শৰ্মা আৰু সম্পাদক গোকুল মহন্তই দিলীপ কুমাৰ দাসক ফুলাম গামোচা আৰু জাপিৰে উষ্ম আদৰণি জনায়। 

তদুপৰি যুৱনেতা দিলীপ কুমাৰ দাসৰ নেতৃত্বত অগপ দলৰ ভেটি পূৰ্বতকৈ অধিক মজবুত হব আশা প্ৰকাশ কৰে অসম যুৱ পৰিষদৰ বিষয়ববীয়া কেইগৰাকীয়ে।

Leave A Reply