Breaking

অসম দৰ্শনৰ জৰিয়তে ধৰ্মীয় পৰ্য‍্যটন উন্নয়নৰ অভিলাষী আঁচনি । ন-ৰূপেৰে জিলিকিব কলিয়াবৰ, সাজু হৈ উঠিছে কলিয়াবৰৰ ঐতিহাসিক শ্ৰীশ্ৰী নৃসিংহ দেৱালয় ।

0 312

কলিয়াবৰ

ঐতিহ‍্যমণ্ডিত কলিয়াবৰৰ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বত নিৰ্মিত শ্ৰীশ্ৰীনৃসিংহ দেৱালয়ে লভ কৰিছে ন-ৰূপ। ৰাজ‍্যৰ অসম দৰ্শন আঁচনিৰ জৰিয়তে ঐতিহ‍্যমণ্ডিত কলিয়াবৰৰ ঐতিহাসিক স্থলসমূহৰ সৌন্দৰ্য‍্যবৰ্দ্ধনৰ কাম দ্ৰুত গতিত আগবাঢ়িছে। ঐতিহাসিক মঠ-মন্দিৰ দৌল-দেৱালয়ৰে পৰিবেষ্টিত কলিয়াবৰ অসমৰ সত্ৰ-সংস্কৃতিৰ অন‍্যতম প্ৰাণ কেন্দ্ৰ। অসম চৰকাৰৰ অভিলাষী আঁচনি ‘অসম দৰ্শন’ৰ জৰিয়তে অসমৰ পৰ্য‍্যটনক আকৰ্ষণীয় ৰূপত তুলি ধৰাৰ প্ৰয়াসত কলিয়াবৰেও অৱদান আগবঢ়াবলৈ সাজু হৈছে।অসমৰ বুকুত থকা সত্ৰ, দ’ল-দেৱালয়কে ধৰি ধৰ্মীয় অনুষ্ঠান সমূহে যুগ যুগ ধৰি মানৱীয় ধ্যান-ধাৰণাৰে সমাজখনক উজ্জীৱিত কৰি আহিছে। এই পৱিত্ৰ ধৰ্মীয় অনুষ্ঠানসমূহে আধ্যাত্মিক চেতনা শক্তিৰে মানুহৰ মাজত ভক্তি ভাৱ জগাই তুলিবলৈ সক্ষম হৈছে।অসমৰ বুকুৰ ঐতিহাসিক ধৰ্মীয় সমলসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে অসমৰ পৰ্য‍্যটন ক্ষেত্ৰখনক অধিক আকৰ্ষণীয় কৰি তোলাৰ বাবে অসম চৰকাৰে এক অভিলাষী আঁচনি প্ৰস্তুত কৰিছে। ‘অসম দৰ্শন’ নামৰ আঁচনিখন কাৰ্য‍্যত ৰূপায়ণত সফল হ’লে অসমত ধৰ্মীয় পৰ্য‍্যটনক এক অনন‍্য মাত্ৰা প্ৰদান কৰিব।অসমখনক বিশ্বৰ বুকুত আদৰ্শ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ‍্যৰে অসম চৰকাৰৰ এক অভিলাষী আঁচনি অসম দৰ্শন।অসম দৰ্শন আঁচনিৰ অধীনত ৰাজ্যখনৰ হিন্দু, ইছলাম, শিখ, বৌদ্ধ, খ্ৰীষ্টান আদি ধৰ্মৰ ৯১৫ খন তীৰ্থস্থান, দেৱালয়, উপাসনাস্থলী আৰু পৰ্যটনক্ষেত্ৰ সামৰি লোৱা হৈছে।‘অসম দৰ্শন’ আঁচনিৰ অধীনত ৰাজ্যৰ ১০০ বছৰ পুৰণি আধ্যাত্মিক অনুষ্ঠান বোৰৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে আঁচনি অনুসৰি তালিকাভুক্ত প্ৰতিখন ধৰ্মীয় ক্ষেত্ৰলৈ ১০ লাখ টকাৰ অনুদান অসম চৰকাৰে প্ৰদান কৰিছে।আঁচনি খনৰ অধীনত ১৬০ খন বিভিন্ন ধৰ্মাৱলম্বীৰ তীৰ্থক্ষেত্ৰলৈ ২ লাখ টকাৰ ওপৰঞ্চি বাৰ্ষিক আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে আন্তঃগাঁথনি উন্নয়নৰ বাবে তালিকাভুক্ত তীৰ্থস্থানলৈ প্ৰাৰম্ভিক কিস্তিত ১০ লাখ টকাকৈ আগবঢ়োৱা হৈছে।সেইদৰে ধৰ্মানুষ্ঠান সমূহৰ লগত সংলগ্ন বাট-পথৰ উন্নয়নৰ বাবে সৰ্বমুঠ ৬১৪.৪৫ কোটি টকা আবণ্টন দিয়া হৈছে। ধৰ্মীয় ক্ষেত্ৰ সমূহৰ যাতায়ত ব্যৱস্থা উন্নীত কৰাৰ বাবে গড়কপ্তানি বিভাগে ৫৮২.৫০ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।অসম দৰ্শন আঁচনিত ঐতিহ‍্যমণ্ডিত কলিয়াবৰৰ ঐতিহাসিক মঠ-মন্দিৰ, দৌল-দেৱাল, সত্ৰসমূহ অন্তৰভূক্ত হোৱাৰ ফলত কলিয়াবৰো অসমৰ ধৰ্মীয় পৰ্য‍্যটনৰ তালিকাত অন্তৰ্ভূত হৈছে।

কলিয়াবৰত শালস্তম্ভ ৰজাৰ দিনত নিৰ্মিত ভালেমান মঠ-মন্দিৰ আহোমৰ দিনত পুণৰ নিৰ্মাণ কৰা হৈছিল। বৰ্তমান আহোম আৰু কোচসকলৰ ৰাজত্বকালৰ মঠ-মন্দিৰহে জিলিকি আছে। এই মঠ-মন্দিৰ-দেৱালয়সমূহ শিৱ, দেৱী আৰু বিষ্ণুৰ। শ্ৰীমন্ত শঙ্কৰদেৱৰ নেতৃত্ব নৱ-বৈষ্ণৱ আন্দোলনৰ ফলত কলিয়াবৰত ছ-অৰা এখন সত্ৰ স্থাপিত হোৱাৰ লগতে নাসঘৰ স্থাপনৰ জৰিয়তে সত্ৰীয়া-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰৰূপে পৰিগণিত হ’ল। কলিয়াবৰত দেৱীৰ মঠ-মন্দিৰ-দেৱালয় প্ৰধানতঃ বিষ্ণু আৰু শিৱৰ দেৱালয়-মন্দিৰেই প্ৰধান।অসম দৰ্শন আঁচনিত অন্তৰ্ভূক্ত হৈছে কলিয়াবৰৰ ঐতিহাসিক ধৰ্মীয় স্থলসমূহৰ ভিতৰত আহোম ৰাজত্ব কালত কলিয়াবৰত নিৰ্মাণ হোৱা অন‍্যতম বিষ্ণু দেৱালয় জখলাবন্ধা স্থিত শ্ৰীশ্ৰীনৃসিংহ দেৱালয়। কলিয়াবৰৰ শ্ৰীশ্ৰীদক্ষিণপাট সত্ৰত স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বত বনমালীদেৱৰ তত্বাৱধানত ১৬৮৬ শকত এই দেৱালয় প্ৰতিষ্ঠা কৰা হয়। এই সত্ৰত নৃসিংহ আৰু বাসুদেৱ দুয়োভাগ মুৰ্তি প্ৰতিষ্ঠা কৰা আছে। বাসুদেৱৰ পৰাই এই সত্ৰক দেৱৰ সত্ৰ বুলিও জনা যায় কলিয়াবৰত।ইতিমধ‍‍্যে অসম দৰ্শন আঁচনিত স্থান লাভ কৰা শ্ৰীশ্ৰীনৃসিংহ দেৱালয়ৰ সৌন্দৰ্য‍্যবৰ্দ্ধনৰ সম্পূৰ্ণ হৈছে। নিৰ্মাণ সম্পূৰ্ণ হৈছে সুদৃশ‍্য তোৰণ, ৩৭ নং ৰাষ্ট্ৰীয় পথ সংলগ্ন গড়কাপ্তানী পথ, জিৰণী গৃহ। ন-ৰূপেৰ জিলিকি উঠিছে শ্ৰীশ্ৰীনৃসিংহ দেৱালয়। কলিয়াবৰৰ অন‍্যতম উপাসনাস্থলী শ্ৰীশ্ৰীনৃসিংহ দেৱালয়ৰ বৰ্তমানৰ এইৰূপে ভক্তবৃন্দ তথা পৰ্য‍্যটকক আকৰ্ষণ কৰিবলৈ এতিয়া সাজু হৈ উঠিছে। কলিয়াবৰৰ প্ৰতিজনৰ আশা, কৰ’না সঙ্কটৰ এই জটিল সময় দুৰ হ’লেই পুণৰ সমগম হ’ব ভক্ত আৰু পৰ্য‍্যটকৰ। অসম পৰ্য‍্যটনৰ উন্নয়নত কলিয়াবৰ এক আকৰ্ষণীয় কেন্দ্ৰ ৰূপে গঢ় দিয়াৰ কলিয়াবৰ মহকুমা প্ৰশাসনে পূৰ্বৰে পৰা চলোৱা প্ৰস্তুতিক এই আঁচনিয়ে গতিশীলতা প্ৰদান কৰিব।

Leave A Reply