Breaking

চতিয়াত ‘এপাৰ্ট’ৰ দ্বাৰা অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্পৰ শুভাৰম্ভ

0 1,622

কৃষি বিভাগৰ উদ্যোগত আৰু এপাৰ্টৰ সহযোগত যোৱা ১২ জুলাইত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প খনৰ শুভাৰম্ভ কৰা হয়৷ অসমৰ প্ৰতিখন জিলাক সামৰি আৰম্ভ কৰা এই আঁচনি খনত এইবাৰ বিশেষকৈ গ্ৰাম্যাঞ্চলৰ আত্মসহায়ক গোট সমূহক সামৰি লোৱা হৈছে৷ উল্লেখ্য যে চতিয়াৰ ঘাঁহি গাঁৱৰ জ্ঞানজ্যোতি আত্মসহায়ক গোটক এই আঁচনিৰ আওতালৈ আনি উক্ত দিনা কৃষি বিভাগ আৰু এপাৰ্টৰ দ্বাৰা ‘বাহাদুৰ চাব-১’ নামৰ এক উন্নত মানৰ ধানৰ কঠিয়া প্ৰদান কৰাৰ উপৰিও আত্মসহায়ক গোটটোৰ সদস্য সকলৰ সৈতে বিভাগীয় বিষয়া সকলে পথাৰত ভূঁই ৰোৱে৷ আঁচনি খনৰ শুভ উদ্বোধনৰ মূহূৰ্তত গোটৰ সভাপতি মনু হুছেইন, সম্পাদক ৰাছেল আহমেদ তথা সকলো সদস্য সহ চতিয়া কৃষি বিভাগৰ কৃষি সম্প্ৰসাৰণ সহায়ক জেহিৰুল ইছলাম, এপাৰ্টৰ গৱেষণা প্রযুক্তিবিদ পংকজ বৰুৱা  আৰু সহকাৰী প্ৰযুক্তি ব্যৱস্থাপক মানস জ্যোতি ৰাজখোৱা উপস্থিত থাকে৷ উল্লেখ্য যে, আত্মসহায়ক গোটটোক এই আঁচনিৰ অধীনত ১৫ বিঘা কৃষিভূমিত কৃষিকৰ্মৰ বাবে সকলো ধৰণৰ খৰছ বিভাগে বহন কৰিব বুলি বিষয়া সকলে জানিবলৈ দিয়ে।

Leave A Reply