Breaking

সুৰেণ দাস সোঁৱৰণী মহাবিদ্যালয়ত হাজো ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে…

0 44

দেওবাৰে সুৰেণ দাস সোঁৱৰণী মহাবিদ্যালয়ত হাজো ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।

এই উপলক্ষে ভাষণ দি দৈমাৰীয়ে কয়- ক্ৰীড়া এতিয়া কেৱল মনোৰঞ্জন নহয়, ই এক পেছাও। যুৱ প্ৰজন্মই ক্ৰীড়াৰ প্ৰতি অনুপ্ৰাণিত হ’লে অসম আগবাঢ়ি যাব। ৰাজ্যৰ সকলোৰে প্ৰতিভা আছে।”

তেওঁ আৰু কয় যে হিতেশ বসুমতাৰীক অবৈধভাৱে মাৰাত্মক এম্ছ ৰখাৰ অপৰাধত গ্ৰেপ্তাৰ কৰাৰ বিষয়ে কয়, “আৰক্ষীয়ে তদন্ত কৰি আইন অনুসৰি কাম কৰি যাব।”

ইফালে, সোণালী জয়ন্তী উদযাপনত লন বাউল খেলুৱৈ নয়নমনি শইকীয়াই ক্ৰীড়া ৰেলী উদ্বোধন কৰে।

এই উপলক্ষে সম্বোধন কৰি খেলুৱৈগৰাকীয়ে কয়, ‘অসমৰ ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নত হৈছে। ৰাজ্যখনত বহু প্ৰতিভাৱান খেলুৱৈ আছে।”

Leave A Reply