Breaking

আৰম্ভ হ’ল ‘অসম গ্ৰন্থমেলা’…

0 51

আজিৰ পৰা ১২ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক খেলপথাৰত অসম গ্ৰন্থমেলা। অমস প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত আয়োজন কৰা হয় ‘অসম গ্ৰন্থমেলা’। বিয়লি ৪ বজাত উদ্বোধন কৰা হ’ব গ্ৰন্থমেলা। ১৫০টাৰো অধিক প্ৰকাশন গোষ্ঠীয়ে যোগদান কৰিব এই গ্ৰন্থমেলাত। ইয়াৰ ভিতৰত আছে দিল্লী-হাৰিয়ানাৰ ১০টা, কলকাতাৰ ১৭টা, মুম্বাইৰ ১টা, ঝাৰখণ্ডৰ ১টা আৰু ঢাকাৰ ১১টা প্ৰকাশন গোষ্ঠী৷ আজি গ্ৰন্থমেলা উদ্বোধন কৰিব আন্তৰ্জাতিক খ্যাতিসম্পন্ন ইণ্ডোনেছিয়াৰ পৰিৱেশ্য-কাব্য শিল্পী তাৰা নোইচন্তাৰাই৷ উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰিব অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্তই আৰু বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব বিশিষ্ট লেখক, সাহিত্য-সমালোচক ড° গোৱিন্দ প্ৰসাদ শৰ্মাই।

৯ জানুৱাৰীত সামৰণি পৰিব অসম গ্ৰন্থমেলা৷ সামৰণী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ৰণোজ পেগুৱে৷ বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিৎ শেখৰ মুছহাৰী আৰু বিশিষ্ট বিজ্ঞানী, লেখক ড° দীনেশ চন্দ্ৰ গোস্বামী৷ 

Leave A Reply