Breaking

অসম গ্ৰন্থমেলা, ডিফুত আশাব্যঞ্জক কিতাপ বিক্ৰীৰ হাৰ; যুৱ লেখকৰ সমাৰোহ “উন্মীলন” অনুষ্ঠিত

0 66

অসম গ্ৰন্থমেলা, ডিফুত গ্ৰন্থপ্ৰেমীৰ ভিৰে ইয়াৰ বৌদ্ধিক সমাজক আশাবাদী কৰি তুলিছে৷ বিশেষকৈ গ্ৰন্থমেলাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ অনাগত ভৱিষ্যতৰ বাবে শুভ লক্ষণ বুলি মত প্ৰকাশ কৰিছে বিদ্বৎ মহলে৷

অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত তথা কাৰবি আংলং জিলা প্ৰশাসনৰ সহযোগত ডিফু চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত আয়োজন কৰা এই গ্ৰন্থমেলাত আজি কিতাপ বিক্ৰীৰ হাৰেও গ্ৰন্থ প্ৰকাশক আৰু বিক্ৰেতা সকলক উৎসাহী কৰা পৰিলক্ষিত হয়৷

আগন্তুক তিনিদিনত কিতাপ বিক্ৰীৰ পৰিসংখ্যা বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে অসম প্ৰকাশন পৰিষদৰ লগতে আন আন প্ৰকাশন গোষ্ঠী সমূহে ৷ ইপিনে গ্ৰন্থমেলাৰ লংকাম টেৰণ সোঁৱৰণী প্ৰেক্ষাগৃহত আজি বিয়লি ১ বজাত অনুষ্ঠিত হয় যুৱ লেখকৰ সমাৰোহ “উন্মীলন”৷

এই অনুষ্ঠান সঞ্চালনা কৰে জনপ্ৰিয় লেখক-সাংবাদিক সঞ্জু বৰাই৷ তেওঁ কয় যে অসম প্ৰকাশন পৰিষদে যুৱ লেখক সকলক উলিয়াই আনিবলৈ কৰা প্ৰচেষ্টা প্ৰশংসনীয়৷

নতুন প্ৰতিভাৰ ওপৰতে ভাষা-সাহিত্যৰ ভৱিষ্যত নিৰ্ভৰশীল৷ সেয়ে নৱ প্ৰজন্মৰ লেখক সকলেও সাধনাৰ বাবে সমৰ্পিত মন লৈ কাম কৰা উচিত৷


“উনমীলন”ত অংশগ্ৰহণ কৰি ভাষা-সাহিত্য আৰু সাম্প্ৰতিক সমাজ-জীৱনৰ বিষয়ে মতামত প্ৰকাশ কৰে ডিহুন তেৰাংপী, পপ্মীমণি দেউৰী, দানশ্ৰাং মুছাহাৰী, মৃণাল দলে, কৃষ্ণালীনা কলিতা, জাচমিনা বেগম, নিবেদিতা ঘোষ, ছেৰলিন বে’পী, দীপজ্যোতি নাৰ্জাৰী, ৱেলছিং হাঞ্চে, লংবিৰ তেৰাং, কিৰণ ক্ৰ’, মৌজৌম বসুমতাৰী, বিষ্ণু বসুমতাৰী, হিমাংক প্ৰকাশ বৰাই৷ সন্ধিয়া মনপৰশা সাংস্কৃতিক কাৰ্যসূচীৰ আঁত ধৰে প্ৰবোধ দাসে৷

Leave A Reply