Breaking

অসম গ্ৰন্থমেলা শিলচৰত মনোজ্ঞ অনুষ্ঠান ! তিলোত্তমা মজুমদাৰ-অনুৰাধা শৰ্মা পূজাৰীৰে অন্তৰংগ আলাপ…

0 65

অসম গ্ৰন্থমেলাক কেন্দ্ৰ কৰি বৰাক উপত্যকাৰ প্ৰাণকেন্দ্ৰ শিলচৰত পৰিলক্ষিত হৈছে ব্যাপক উৎসাহ-উদ্দীপনা ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত দহদিনীয়া অসম গ্ৰন্থমেলা, শিলচৰে আজি দ্বিতীয় দিন অতিক্ৰম কৰিলে ৷ ইয়াৰ পুলিচ পেৰেড গ্ৰাউন্ডত আয়োজন কৰা অসম গ্ৰন্থমেলাৰ প্ৰাংগণত আজি বিয়লি ৩ বজাৰ পৰা পশ্চিমবংগৰ প্ৰসিদ্ধ সাহিত্যিক তিলোত্তমা মজুমদাৰ আৰু সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট অসমীয়া সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীক লৈ আয়োজন কৰা হয় অন্তৰংগ আলাপৰ এক মনোজ্ঞ অনুষ্ঠান ৷ কটন বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ অধ্যাপক ড° প্ৰশান্ত চক্ৰৱৰ্তীয়ে পৰিচালনা কৰা অনুষ্ঠানটিত অনুৰাধা শৰ্মা পূজাৰীয়ে কয়—“ মই দীৰ্ঘদিন কলকতাত আছিলোঁ ৷ মোৰ পুত্ৰৰ মুখত প্ৰথমে বাংলা ভাষাই ওলাইছিল ৷

আচলতে ভাষা হৈছে এটা মনঃস্তাত্ত্বিক বিষয় ৷ যি ঠাইত থাকে সেই ঠাইৰে ভাষা প্ৰাকৃতিকভাৱে গ্ৰহণ কৰে ৷ প্ৰাকৃতিক সত্যই প্ৰকৃত সত্য ৷ কৃত্ৰিমতাই মানুহৰ মাজত বিদ্বেষ সৃষ্টি কৰে ৷ আমি সকলোৱে অসমৰ বাসিন্দা ; গতিকে অসমীয়াই আমাৰ প্ৰাণৰ ভাষা ৷ আমাৰ বোৱাৰী বাঙালী কিন্তু সুন্দৰভাৱে অসমীয়া শিকিছে ৷ এয়াই প্ৰাকৃতিক সত্য ৷ সংকীৰ্ণতাৰ উৰ্ধত সকলোৱে ঐক্যৱদ্ধ হৈ থাকিব পাৰে ৷” ইয়াত অংশগ্ৰহণ কৰি তিলোত্তমা মজুমদাৰে কয়—“ভাষা হৈছে এক অভিব্যক্তি ৷ ড° ভূপেন হাজৰিকা আমাৰ হিয়াৰ আমঠু ৷ বাংলা আৰু অসমীয়া দুয়োটা ভাষাই ঐতিহ্যপূৰ্ণ ৷ ভাষাক লৈ বৈৰিতা প্ৰকাশৰ কোনো কাৰণ নাই ৷ সকলোৱে সকলোৰে ভাষাক আদৰণি জনোৱা উচিত ৷ ভাষাৰ মাধ্যমেৰে মানুহৰ মাজত হাৰ্দিক আদান-প্ৰদান হ’ব পাৰে ৷ সম্প্ৰীতি গঢ়ি উঠিব পাৰে ৷ মানুহৰ মাজৰ বিচিত্ৰতা ভৌগোলিক ৷ অঞ্চলভেদে ভাষা পৃথক ৷ এই ভাষিক পৃথকতা বা বিচিত্ৰতাই আমাৰ দেশৰ ঐতিহ্য ৷ এই বিচিত্ৰতাক লৈ আমি কাজিয়া নহয় ; গৌৰৱ কৰা উচিত ৷ অসমীয়া মানুহে বাংলা ভাষা বুজে আৰু বাঙালী মানুহেও অসমীয়া ভাষা বুজে ৷ এয়াই বুজাবুজি ৷ ইয়াকে আধাৰ কৰি ইতিবাচক চিন্তা-ধাৰাৰ সৃষ্টি হোৱা উচিত ৷ অসম গ্ৰন্থমেলা, শিলচৰৰ আয়োজন এই ক্ষেত্ৰত অতি তাৎপৰ্যপূৰ্ণ ৷” তিলোত্তমা মজুমদাৰ আৰু অনুৰাধা শৰ্মা পূজাৰীয়ে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ “বিস্তীৰ্ণ পাৰৰে” শীৰ্ষক গানটি অসমীয়া-বাংলা দুয়াটা ভাষাতে পৰিৱেশন কৰি অন্তৰংগ অনুষ্ঠানটি প্ৰাণময় কৰি তোলে ৷

অনুষ্ঠান পৰিচালনা কৰি ড° প্ৰশান্ত চক্ৰৱৰ্তীয়ে কয়—“বৰাক-ব্ৰহ্মপুত্ৰ একেটা শৰীৰৰ দুটি চকুৰ ঢল ৷ অসম এখন বহুভাষিক মানুহৰ সমৃদ্ধ ঠাই ৷ অসমীয়া আৰু বাঙালী ভাষাৰ মিল আছে, মানুহৰ মনৰ মিল আছে ৷ ইয়াত বিদ্বেষৰ স্থল নাই ৷ অসম গ্ৰন্থমেলা, শিলচৰেও এই বাৰ্তাই দিছে ৷ অসম আৰু পশ্চিমবংগৰ দুগৰাকী প্ৰসিদ্ধ সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী আৰু তিলোত্তমা মজুমদাৰৰ স’তে অন্তৰংগ আলাপৰ জৰিয়তেও দুয়োটা ভাষাৰ সমৃদ্ধ সাহিত্যৰ ৰূপ-ৰস আৰু মানৱতাৰ বাৰ্তা প্ৰতিধ্বনিত হৈছে ৷”অন্তৰংগ আলাপ অনুষ্ঠান পৰিচালনাত সহযোগিতা আগবঢ়ায় অসম বিশ্ববিদ্যালয়ৰ মানৱ কল্যান উন্নয়ন অধ্যয়ন কেন্দ্ৰই ৷ কেন্দ্ৰৰ সঞ্চালক ড° নিৰঞ্জন ৰায় এই অনুষ্ঠানত উপস্থিত থাকে ৷ তেওঁ কয় যে সম্প্ৰতি বিভিন্ন ক্ষেত্ৰত যি বিকৃতকৰণৰ প্ৰচেষ্টা চলিছে এয়া প্ৰতিৰোধ কৰাৰ বাবে বৰাক-ব্ৰহ্মপুত্ৰবাসী ঐক্যৱদ্ধ হৈ থাকিবই লাগিব ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই শিলচৰত অসম গ্ৰন্থমেলাৰ আয়োজন কৰি আস্থাৰ পৰিৱেশ গঢ়ি তুলিছে ৷ ইপিনে আজি সন্ধিয়া আকৰ্ষণীয় সাংস্কৃতিক প্ৰতিযোগিতাত যোগদান কৰে ডি এন এন কে গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী স্কুল, ডেফ’ডিলচ্‌ স্কুল আৰু কাছাৰ মহাবিদ্যালয়ে ৷

Leave A Reply