Breaking

প্ৰথম উত্তৰ পূব ভেটাৰ্ণ ফুটবল ট্ৰফীত খানাপাৰাৰ আছাম বয়জ এফ চি চেম্পিয়ন

0 39

মৰ্ণিং ষ্টাৰ ফুটবল ক্লাবৰ দ্বাৰা আয়োজিত প্ৰথম উত্তৰ পূব ভেটাৰ্ণ ফুটবল ট্ৰফী, ২০২৩ প্ৰতিযোগিতাত খানাপাৰাৰ আছাম বয়জ এফ চি দলে চেম্পিয়নৰ সন্মান অৰ্জন কৰে। বিজয়ী দলৰ হৈ গ’ল কেইটা দিয়ে মনোজ বড়ো, বিজয় বৰগোঁহাই আৰু ৰিচাৰ্ড চৌধুৰীয়ে। নাইন এ ছাইড ফৰ্মেটৰ লীগ কাম নক আউট ভিত্তিত দুদিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাৰ ২৮ মে’, দেওবাৰৰ ফাইনেলত আছাম বয়জ এফ চি দলে ৩-০ পৰিস্কাৰ ব্যৱধানত পৰাস্ত কৰে নাৰেংগী ৰয়েল ফুটবল ক’চিং চেণ্টাৰক।

গুৱাহাটীৰ লালমাটিৰ গেম ভিলেজৰ ওচৰৰ বৈকুণ্ঠপুৰ পাব্লিক খেলপথাৰত ৪০ বছৰৰ ঊৰ্দ্ধৰ খেলুৱৈৰ এই প্ৰতিযোগিতাৰ চেম্পিয়ন দলক ট্ৰফীসহ ১০ হেজাৰ আৰু ফাইনেলিষ্টক ট্ৰফীসহ ৫ হেজাৰ টকাৰ প্ৰাইজমানি প্ৰদান কৰা হয় । প্ৰতিযোগিতাত বিজয় বৰগোঁহায়ে বেষ্ট স্কৰাৰ, মনোজ বড়োৱে বেষ্ট প্লেয়াৰ, মণ্টু সোণোৱালে বেষ্ট গ’লকীপাৰৰ ট্ৰফী আৰু উদালবাক্ৰা এফ চিয়ে শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ ট্ৰফী লাভ কৰে।

মুঠ ৭ টা দলে যোগদান কৰা প্ৰতিযোগিতাৰ আন দলবোৰ হ’ল-আয়োজক মৰ্ণিং ষ্টাৰ এফ চি, শুৱালকুচি স্পৰ্টছ এছ’চিয়েচন, খানাপাৰা এফ চি, উদালবাক্ৰা এফ চি আৰু ইউনাইটেড ব্ৰাৰ্দাছ ক্লাব।


প্ৰতিযোগিতাৰ বিভিন্ন দলত বহু প্ৰাক্তন ৰাষ্ট্ৰীয় তথা ৰাজ্যিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। তাৰ ভিতৰত আছে সঞ্জীবা ৰংপী, বিজয় বৰগোঁহাই, গোবিন্দ বড়ো, মিণ্টু সোণোৱাল, নিতু নাৰ্জাৰী, প্ৰিয় কুমাৰ সিং, বীৰেন্দ্ৰ নাৰ্জাৰী, কামাখ্যা বসুমতাৰী, জীৱন থাপা, ঘন ৰাজবংশী, মধূসুধন হাজৰিকা, মনোজ বড়ো, পদুম ৰাভা, ৰিচাৰ্ড চৌধুৰী, দীপক দাস, প্ৰশান্ত ভৰালী, ৰঞ্জন মহন, বিপুল ৰাভা, নৱজ্যোতি বৰুৱা, দিলীপ দাস আদি।

ৰেফাৰী হিচাপে খেল পৰিচালনা কৰে ৰঞ্জিত দৈমাৰী, এম ৱল্ডছন, বিতু আহমেদ, চফিকুল হকে । প্ৰতিযোগিতাখন সুকলমে সমাপ্ত হোৱাত আয়োজক কমিটিৰ সভাপতি মনোজ বৈশ্য, সম্পাদক জয়ন্ত দাস আৰু চফিকুল ইছলামে সকলোকে ধন্যবাদ জনাইছে ।

Leave A Reply