Breaking

অসম চৰকাৰৰ নতুন বঁটা

0 897

অসম চৰকাৰৰ নতুন বঁটা :

আজি কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা প্ৰতি বছৰে চৰকাৰে কেবাটাও গুৰুত্বপূৰ্ণ বঁটা প্ৰদান কৰিব । সেই বঁটাসমূহ হৈছে :

১) অসম ৰত্ন : সমাজলৈ তথা ৰাজ্যখনলৈ বিশেষ অৱদান আগবঢ়োৱা এগৰাকী ব্যক্তিক প্ৰতি বছৰে নিয়মীয়াকৈ এই বঁটা প্ৰদান কৰা হ’ব। এই বঁটাত থাকিব ৫ লাখ টকা । এই বঁটা পূৰ্বেও দিয়া হৈছিল যদিও নিয়মীয়া হোৱা নাছিল ।

২) অসম বিভূষণ : প্ৰতিবছৰে ৩ গৰাকী ব্যক্তিক প্ৰদান কৰা হ’ব এই বঁটা । এই বঁটাত থাকিব ৩ লাখ টকা ।

৩) অসম ভূষণ : প্ৰতিবছৰে ৫ গৰাকী ব্যক্তিক প্ৰদান কৰা হ’ব এই বঁটা । এই বঁটাত থাকিব ২ লাখ টকা ।

৪) অসম শ্ৰী : প্ৰতিবছৰে ১০ গৰাকী ব্যক্তিক প্ৰদান কৰা হ’ব এই বঁটা । এই বঁটাত থাকিব ১ লাখ টকা ।

এই আটাইকেইটা বঁটাৰ ক্ষেত্ৰত বঁটাপ্ৰাপকসকলে আন কেতবোৰ সুবিধাও লাভ কৰিব । সেই সুবিধাসমূহৰ ভিতৰত আছে – গুৰুতৰ অসুখৰ বাবে বিনামূলীয়া চিকিৎসা, অসম ভৱনত বিনামূলীয়াকৈ থকাৰ সুবিধা, অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছত বিনামূলীয়াকৈ যাত্ৰাৰ সুবিধা আদি ।
আনহাতে, সাহিত্য, ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰসমূহৰ ক্ষেত্ৰতো পেন্সন তথা বিভিন্ন বঁটাসমূহ প্ৰদানৰ বাবেও নিৰ্দিষ্ট তাৰিখ আজিৰ কেবিনেটে ঘোষণা কৰে । এতিয়াৰে পৰা ১৫ আগষ্টৰ আগদিনা একেলগে সকলো ক্ষেত্ৰৰ পেন্সন ঘোষণা কৰা নহয় । সেইমতে, সাহিত্যিক পেন্সন হোমেন বৰগোহাঞিৰ নামত তেওঁৰ জন্মদিনৰ দিনা ( ৭ ডিচেম্বৰ ) প্ৰদান কৰা হ’ব । ক্ৰীড়া পেন্সন অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ দিনা ( ৩ চেপ্টেম্বৰ ) প্ৰদান কৰা হ’ব আৰু শিল্পী বঁটা ১৭ জানুৱাৰীত প্ৰদান কৰা হ’ব ।
এই বঁটাসমূহ বঁটা প্ৰদান অনুষ্ঠানৰ ৭ দিন পূৰ্বে ঘোষণা কৰা হ’ব ।

Leave A Reply