Breaking

অসম কেবিনেটে চৰকাৰী সাহায্যপ্ৰাপ্ত মাদ্ৰাছা, সংস্কৃত টোল বন্ধ কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে

0 2,191

দেওবাৰে (১৩ ডিচেম্বৰ) মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সভাপতিত্ব কৰা অসম কেবিনেটে ৰাজ্যৰ সকলো চৰকাৰী মাদ্ৰাচা আৰু সংস্কৃত টোল (বিদ্যালয়) বন্ধ কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে ।

সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাতোৱাৰীয়ে কয় যে এই সম্পৰ্কত আগন্তুক বিধানসভাৰ শীতকালীন অধিৱেশনত বিজেপি নেতৃত্বাধীন অসম চৰকাৰে এখন বিল দাখিল কৰিব।

“মাদ্ৰাচা আৰু সংস্কৃত ট’লৰ সৈতে সম্পৰ্কিত মজুত থকা আইনসমূহ বাতিল কৰা হ’ব। বিধানসভাৰ পৰৱৰ্তী অধিৱেশনত এখন বিল প্ৰৱৰ্তন কৰা হ’ব,” অসম চৰকাৰৰ মুখপাত্ৰ পাটোৱাৰীয়ে কয়।

অসম বিধান সভাৰ শীতকালীন অধিবেশন ২৮ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব।

অক্টোবৰত অসমৰ শিক্ষা আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে ৰাজ্য চৰকাৰে পৰিচালনা কৰা সকলো মাদ্ৰাছা আৰু সংস্কৃত টোল (বিদ্যালয়) বন্ধ কৰাৰ সিদ্ধান্ত লৈছে কিয়নো অসম চৰকাৰে ধৰ্মীয় শাস্ত্ৰ শিকাবলৈ ৰাজহুৱা পুঁজি ব্যৱহাৰ কৰা সম্ভৱ নহয়।

“আমাৰ চৰকাৰৰ নীতি আমি আগতে ৰাজ্য বিধানসভাত ঘোষণা কৰিছিলোঁ। চৰকাৰৰ পুঁজিৰ সৈতে কোনো ধাৰ্মিক শিক্ষা থাকিব নালাগে। ব্যক্তিগতভাৱে চলোৱা মাদ্ৰাচা আৰু সংস্কৃত টলৰ বিষয়ে আমাৰ একো ক’ব লগা নাই,” মন্ত্ৰী শৰ্মা ।

ইতিমধ্যে, এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমালে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত সম্পূৰ্কত ক’য় যে, “যদি ৰাজ্য চৰকাৰে চৰকাৰী মাদ্ৰাছাবন্ধ কৰাৰ সিদ্ধান্ত লয়, তেন্তে এআইইউডিএফ দল ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ক্ষমতালৈ অহাৰ পিছত এই শিক্ষানুষ্ঠান সমূহ পুনৰ খোলাৰ বাবে পদক্ষেপ ল’ব ।

Leave A Reply