ডিব্ৰুগড়ৰ আগশাৰীৰ শিক্ষানুষ্ঠান ৰাধাকৃষ্ণন স্কুল অৱ আৰ্টছ, কমাৰ্চ এণ্ড চাইন্সে পুনৰ এবাৰ উৎকৃষ্ট ফলাফলৰে নিজৰ সুনাম অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে।
সদ্য ঘোষিত Assam CEE–2026ৰ ফলাফলত বিদ্যালয়খনৰ ছাত্ৰ সমীৰণ হাজৰিকাই ৰাজ্যজুৰি প্ৰথম স্থান অধিকাৰ কৰি ডিব্ৰুগড় তথা সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।
কেৱল Assam CEEতেই নহয়, JEE Main পৰীক্ষাতো সমীৰণে প্ৰায় ৯৯.৪ শতাংশাইল লাভ কৰি দেশৰ অন্যতম শীৰ্ষ শিক্ষানুষ্ঠান IIT খড়গপুৰত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে।
ইফালে, ৰাধাকৃষ্ণন স্কুলৰ অন্যতম একাডেমিক সহযোগী প্ৰতিষ্ঠান কেৰিয়াৰ পইণ্টৰ এইবাৰৰ ১১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে IITত নাম অন্তৰ্ভুক্ত কৰাৰ কৃতিত্ব অৰ্জন কৰিছে। এই সফলতাই শিক্ষানুষ্ঠানখনৰ গুণগত শিক্ষা, সুসংগঠিত পাঠদান আৰু শিক্ষকৰ একনিষ্ঠ প্ৰচেষ্টাক পুনৰ এবাৰ প্ৰতিফলিত কৰিছে।
এই ঐতিহাসিক সাফল্যত উৎফুল্লিত বিদ্যালয়খনৰ কৰ্তৃপক্ষ, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকল। চলিত বৰ্ষৰ ফলাফলক লৈ গভীৰ সন্তুষ্টি প্ৰকাশ কৰি বিদ্যালয়খনৰ অধ্যক্ষ বিকাশ গগৈয়ে কয় যে, ছাত্ৰ-ছাত্ৰীৰ কঠোৰ পৰিশ্ৰম, অভিভাৱকৰ সহযোগিতা আৰু শিক্ষকসকলৰ নিৰলস প্ৰচেষ্টাৰ ফলতেই এই সাফল্য সম্ভৱ হৈছে। ভৱিষ্যতেও শিক্ষাৰ মান অধিক উন্নত কৰি এনেধৰণৰ কৃতিত্ব অব্যাহত ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ উল্লেখ কৰে।

