Breaking

অসমৰ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত মুকলি কৰিলে জিঅ’ 5G সেৱা…

0 74

কামাখ্যা মন্দিৰ কমপ্লেক্সত জিঅ’ই ট্ৰু ৫জি পাৱাৰড ৱাই-ফাই সেৱা মুকলি । উন্মোচনী অনুষ্ঠানত জিঅ’ই স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ট্ৰু ৫জিৰ সুবিধাসমূহ প্ৰদৰ্শন কৰে, জিঅ’ কমিউনিটি ক্লিনিকৰ মেডিকেল কিটৰ জৰিয়তে, আৰু বৈপ্লৱিক এ আৰ-ভিআৰ ডিভাইচ জিঅ’ গ্লাছৰ জৰিয়তে। ইয়াৰ জৰিয়তে ৫জিয়ে টেলি ৰেডিঅ’লজি, কানেক্টেড এম্বুলেন্স, আৰু ক্লিনিকৰ দৰে স্মাৰ্ট হেল্থকেয়াৰ ছলিউচনলৈ ৰূপান্তৰিত কৰি গ্ৰাম্য আৰু দুৰ্গম অঞ্চললৈ উচ্চমানৰ স্বাস্থ্যসেৱা প্ৰদান কৰিব পাৰে।

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘গুৱাহাটীত Jio’s True 5G সেৱা মুকলি কৰি মই সুখী। মোৰ বিশ্বাস  ৫জিৰ অসমৰ বিভিন্ন ভূগোলতে স্বাস্থ্যৰ আন্তঃগাঁথনি গণতান্ত্ৰিক কৰাৰ ক্ষমতা আছে। আজি প্ৰদৰ্শন কৰা স্বাস্থ্য সমাধান, ‘ক্লিনিক ইন দ্য বেগ’ তৃণমূল স্বাস্থ্যকৰ্মী আৰু আশা কৰ্মীক সহায় কৰিব পাৰে। ইয়াৰ ডিজাইন সহজ আৰু ই 5G ৰ জৰিয়তে চিকিৎসা সঁজুলিৰ এটা চুইটৰ সৈতে বেতাঁৰযোগে সংযোগ কৰিব পাৰে। বিশেষজ্ঞ চিকিৎসকৰ সহায়ত স্বাস্থ্যসেৱা কৰ্মীসকলে অসমৰ অতি দুৰ্গম স্থানতো ৰোগীৰ ৰোগ নিৰ্ণয় আৰু চিকিৎসা কৰিব পাৰে।”

মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয়, ‘অসমত ৫জি সেৱা ক্ষিপ্ৰতাৰে আৰম্ভ কৰাত সহায় কৰিবলৈ মোৰ চৰকাৰ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ। ৫জি ভিত্তিক স্বাস্থ্য সমাধান ৰূপায়ণ কৰি আমি অসম ৰাজ্যত ডিজিটেল স্বাস্থ্য পৰিৱেশ তন্ত্ৰ গঢ়ি তুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী জীৰ আয়ুষ্মান ভাৰত ডিজিটেল অভিযানৰ দৃষ্টিভংগী পূৰণ কৰিব পাৰো।’

Leave A Reply