Breaking

চৰাইপুঙ আৰক্ষী থানাত কতব্যৰত অসম কামাণ্ডো বাহিনীৰ হাবিলদাৰৰ আকস্মিক মৃত্যু

0 2,020

চৰাইদেউ জিলাৰ চৰাইপুঙ আৰক্ষী থানাত কৰ্মৰত অসম কমাণ্ডো বাহিনীৰ হাবিলদাৰ শান্তিৰাম ডেকা (৫০) যোৱা নিশা আকস্মিকভাবে মৃত্যু হয় ৷ জানিব পৰামতে তেখেতে যোৱাকালি  দিনৰ ভাগত অত্যন্ত পেটত বিষ অনুভৱ হোৱাত সাপেখাতী আদৰ্শ চিকিৎসালয়ত চিকিৎসা কৰায় ৷ চিকিৎসকে দিয়া ঔষধ সেৱন কৰি  কিছু সুস্থ হৈ উঠে যদিয়ো ৰাতিলৈ পুনৰ অসুস্থ হৈ পৰে ৷ লগে লগে শান্তিকাম ডেকাক সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নিশায়ে চিকিৎসাৰ বাৱেব ভৰ্ত্তি কৰিবলৈ অনাৰ পথতেই মৃত্যুক আকোঁৱালি লয় ৷ ডেকাৰ ঘৰ নগাও জিলাৰ বেবেজিয়া আউট পোষ্টৰ অন্তৰ্গত বৰখোলা গাৱঁত বুলি জানিব পৰা গৈছে ৷ এজন সৎ নিষ্ঠাৱান কৰ্তব্যপৰায়ন আৰু সৎসাহসী   হেড কনিস্টবল আছিল বুলি জানিব পৰা গৈছে ৷ লগতে তেখেতৰ সৰলতা আৰু অমায়িক স্বভাবৰ বাবে সকলোৰে মাজত জনপ্ৰিয় আছিল ৷ তেখেতৰ আকস্মিক মৃত্যুত শোকাকুল হৈ পৰিছে সমগ্ৰ অঞ্চলটো ৷

Leave A Reply