Breaking

অসমৰ বান পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

0 101

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে তেওঁক ফোন কৰি ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত সোধা-পোছা কৰে।

লগতে তেওঁ কয় যে গৃহমন্ত্ৰীয়ে কোনো জৰুৰীকালীন অৱস্থাত কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্যখনলৈ সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিয়ে।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে মোক ফোন কৰি অসমৰ বান পৰিস্থিতিৰ বিষয়ে সোধা-পোছা কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীক ষ্টেণ্ড বাই ৰখা হৈছে আৰু যিকোনো জৰুৰী পৰিস্থিতিত সহায়ৰ বাবে কেন্দ্ৰটো সাজু আছে।”

মুখ্যমন্ত্ৰী শৰ্মাই, টেলিফোনিক বাৰ্তালাপৰ সময়ত অমিত শ্বাহকো কয় যে ৰাজ্যৰ পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত আছে।

“মই তেওঁক কৈছো যে এতিয়ালৈকে পৰিস্থিতি নিয়ন্ত্ৰণত আছে। অৱশ্যে বিপদসীমাৰ ওপৰেৰে বৈ আছে দুই এখন নদী। পৰিস্থিতিৰ ওপৰতো অহৰহ নিৰীক্ষণ চলি আছে আৰু প্ৰয়োজন হ’লেই আমি গৃহমন্ত্ৰীৰ ওচৰলৈ উভতি যাম।’-মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়।

লক্ষণীয়ভাৱে অসমৰ বান পৰিস্থিতি শনিবাৰে উন্নত হয় যদিও আৰু এজন লোকৰ মৃত্যু হয় আৰু ১৫ খন জিলাত এতিয়াও ৪ লাখৰো অধিক লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈ আছে বুলি এক চৰকাৰী বুলেটিনে প্ৰকাশ কৰিছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দৈনিক প্ৰতিবেদন অনুসৰি নলবাৰী জিলাৰ এজন লোকৰ বানপানীৰ ফলত মৃত্যু হোৱাত এই বছৰ মৃত্যুৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পাইছে।

বজালী, বাকছা, বৰপেটা, চিৰাং, দৰং, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, যোৰহাট, কামৰূপ, লখিমপুৰ, নগাঁও, নলবাৰী আৰু তামুলপুৰ জিলাৰ বানপানীৰ বাবে এতিয়াও ৪,০৭,৭৭১ জন লোক দুৰ্দশাগ্ৰস্ত হৈ আছে।

বাকছাত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ২,২১,৫৮৭ জন, তাৰ পিছতে বৰপেটাত ১,০৩,৯৯৬ জন, নলবাৰীত প্ৰায় ৪০,৬৬৮ জন আৰু লখিমপুৰত ২২,০৬০ জন লোক ক্ষতিগ্ৰস্ত হৈছে।

Leave A Reply