Assam Girls Football Team:অসম ছোৱালী ফুটবল দলৰ কৰ্ণাটকক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি অভিযান আৰম্ভ

দৈনন্দিন বাৰ্তাৰ ক্ৰীড়া প্ৰতিবেদক, গোগামুখ, ৯ এপ্ৰিলঃ  গোৱাৰ ওটৰদাত অনুষ্ঠিত হোৱা  ড্ৰীম  স্প’ৰ্ট ছোৱালীৰ ১৭ বছৰ  অনুৰ্ধ্ব ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বপত অসমৰ ছোৱালী ফুটবল দলে(Assam Girls Football Team) অগ্ৰগতি লাভ কৰিছে৷(National Football Championship)

আজি পুৱাৰ ভাগত গোৱাৰ ওটৰদা খেলপথাৰত অনুষ্ঠিত হোৱা খেলখনত অসম ছোৱালী ফুটবল  দলে কৰ্ণাটক ফুটবল দলক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি নিজৰ অভিযান আৰম্ভ কৰিছে৷

অসম ছোৱালী ফুটবল দলে প্ৰথমাৰ্ধত আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰে আৰু ৰাইট উইংগাৰ কৰিণা নৰহৰ(Right winger Kareena Narah) সুন্দৰ গ’লেৰে ১-o গ’লৰ  ব্যৱধানত অগ্ৰগতি লাভ কৰে৷

প্ৰথমাৰ্ধ সমাপ্ত হ’বলৈ কিছু সময় বাকী থকা সময়ত অসম দলৰ লেফ্ট উইংগাৰ ছেৰবিকা টেৰাংপিয়ে(Left winger Serbika Terangpi)  আন  ১ গ’ল দি অসমক ফুটবল দলক  ২-০ গ’লত অগ্ৰগতি প্ৰদান কৰে৷দ্বিতীয়াৰ্ধত কৰ্ণাটক দলে গ’ল পৰিশোধ কৰিবলৈ আপ্ৰাণ প্ৰচেষ্টা চলাইছিল যদিও অসম দলৰ অভিজ্ঞ গ’লকীপাৰ কুমকুম কুমাৰীয়ে(Experienced goalkeeper Kumkum Kumari) কৰ্ণাটকৰ সকলোবোৰ আক্ৰমণ প্ৰতিহত কৰে৷

১১ এপ্ৰিলল  অসম ফুটবল দলে আয়োজক গোৱা ছোবালী ফুটবল দলৰ বিৰুদ্ধে অবতীৰ্ণ হ’ব৷

Related Articles