Breaking

মৰিগাঁৱত অসম চৰকাৰৰ মূখ্য সচিব জিষ্ণু বৰুৱা

0 538

 যোৱা  পহিলা জুনত  মৰিগাঁও জিলাত অসম চৰকাৰৰ মুখ্য সচিৱ জিষ্ণু বৰুৱা আহি উপস্থিত হয় | মুখ্য সচিব গাৰকীক সভাপতিত্বত আৱৰ্ত ভৱনত জিলা উপায়ুক্ত সীমাৰেখা ভূঞা, আৰক্ষী অধীক্ষকৰ লগতে, উচ্চ পৰ্য্যায়ৰ বিষয়া সকল এক আলোচনাত মিলিত হয় | মুখ্য সচিৱ গৰাকীয়ে জিলাখনৰ ক’ভিড পৰিস্থিতি আৰু আগন্তুক বান পৰিস্থিতি সন্দৰ্ভত জিলা খনৰ প্ৰস্তুতি সম্পৰ্কে বুজ লয় |  ক’ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ পৰ্য্যাপ্ত পৰিমাণে অক্সিজেন সংযুক্ত বিচনা, এম্বুলেঞ্চ, ঔষধ আদি মজুত থকাৰ সন্দৰ্ভতো পৰ্যালোচনা কৰে | তাৰোপৰি মৰিগাঁও জিলাত ক’ভিডৰ গণসংক্ৰমন ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণৰ লগতে জনসাধাৰণৰ সু-স্বাস্থ্য বিষয়ক সচেতনতা বৃদ্ধিৰ ওপৰতো গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়ে | ক’ভিডৰ সময়ত সৰ্বসাধাৰণ ৰাইজৰ মৌলিক সমস্যাখিনিৰ ওপৰতো নজৰ ৰাখিবলৈ পৰামৰ্শ দিয়ে | তদুপৰি আগন্তুক দিনত বাৰিষা বানপানীৰ পৰা হব পৰা পৰিস্থিতিৰ মোকাবিলাৰ বাবে জিলা খনত গ্ৰহণ কৰা প্ৰস্তুতি সন্দৰ্ভতো এটি খতিয়ান লয় লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ঔষধ আৰু পশুধনৰ খাদ্য আদিৰ পৰ্য্যাপ্ত পৰিমাণে মজুত ৰাখিবলৈ পৰামৰ্শ প্ৰদান কৰে আৰু সকলো বিভাগকে যি কোনো জৰুৰী অৱস্থাৰ বাবে সাঁজু থাকিবলৈ আহ্বান জনায় |

Leave A Reply