Breaking

আৰ্থিক সংকটৰে জীৱন যুজঁত অৱতীৰ্ণ হোৱা সুকণ্ঠী গায়িকা চয়নিকা সভাপণ্ডিতলৈ অসম চৰকাৰৰ সহায়

0 1,534

জীৱনে কি নিশিকাই । দিনটোৰ  দুবেলা – দুমুঠি যোগাৰ কৰিবলৈকে গোলাঘাটৰ এগৰাকী মেধাৱী ছাত্ৰী তথা সু – গায়িকা চয়নিকা সভাপণ্ডিতে  জীৱন যুজঁত অৱতীৰ্ণ হৈছে এগৰাকী পাচলি বিক্ৰেতা হিচাপে । কটন বিশ্ববিদ্যালয়ৰ এইগৰাকী মেধাৱী ছাত্ৰী তথা সু – গায়িকা চয়নিকা সভাপণ্ডিতে চৰম আৰ্থিক দৈন্যতাৰ পৰা পৰিত্ৰাণ বিচাৰি  অৱশেষত ঘৰৰ সন্মুখতে আৰম্ভ কৰিছিল শাক- পাচলিৰ এখন সৰু  দোকান। ছাত্ৰী গৰাকীৰ কৰ্ম সংস্কৃতিৰ কথা ইতিমধ্যে গোলাঘাটত চৰ্চাৰ বিষয় হৈ পৰিছিল আৰু আজি   ছাত্ৰী গৰাকীক এই আৰ্থিক সংকটৰ পৰা কিছু সকাহ দিয়াৰ উদ্দেশ্যেৰে বিত্তমন্ত্ৰী অজন্তা নেওগ আহি গোলাঘাটৰ পাঁচ আলিৰ সমীপৰ জীৱন তামূলী পথৰ  চয়নিকাৰ বাসগৃহত  উপস্থিত হ’য়।  উপস্থিত হৈয়ে মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰা ৫০ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰি চয়নিকাৰ এই কৰ্মৰ শলাগ লোৱাৰ উপৰিও  উজ্জ্বল ভৱিষ্যতৰ আৰ্শীবাদ দিয়ে। মন্ত্ৰী গৰাকীয়ে চয়নিকাৰ এই কৰ্মৰ উচ্চ প্ৰশংসা কৰাৰ লগতে গোলাঘাটৰ নৱ প্ৰজন্মই চয়নিকাৰ আদৰ্শৰে আগবাঢ়ি হাতে-কামে লাগিলে গোলাঘাট স্ব- নিৰ্ভৰশীল হৈ উঠিব বুলি মত প্ৰকাশ কৰে। লগতে মুখ্যমন্ত্ৰীয়ে অতি তৎপৰতাৰে চয়নিকালৈ আগবঢ়োৱা এই সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।এই অনুষ্ঠানত বিত্তমন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে  সৰুপথাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন।

Leave A Reply