Breaking

প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত লাখ লাখ ছাত্ৰ-ছাত্ৰীলৈ অসম চৰকাৰৰ সাহায্য…

0 195

গুৱাহাটী : অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত প্ৰাক স্নাতক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যপুথি অনুদান আগবঢ়োৱা হয়।আঁচনিখনৰ অধীনত প্ৰাক স্নাতকৰ মুঠ ৩৫৪,৩৪১গৰাকী ছাত্ৰ-ছাত্ৰীলৈ ১০০০/- টকাকৈ মুঠ ৩৫,৪৩,৪১,০০০ টকা অনুদান ৰূপে আগবঢ়োৱা হৈছে।

লাখ লাখ ছাত্ৰ-ছাত্ৰীলৈ চৰকাৰৰ সাহায্য । কলেজীয়া ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়োৱা হ’ল ১০০০ কৈ টকা । শিক্ষাৰ্থীসকলৰ একাউণ্টত জমা হ’ব এই চৰকাৰী ধন । প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত লাখ লাখ শিক্ষাৰ্থীৰ একাউণ্টত জমা হৈছে ১০০০ কৈ টকা ।

৩ লাখ ৫৪ হাজাৰ ৩৪১ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হৈছে এই বিশেষ সাহায্য । ছাত্ৰ-ছাত্ৰীসকলক সেই এহেজাৰ টকাৰে কিতাপ কিনিবলৈ আহ্বান চৰকাৰৰ ।

Leave A Reply