Breaking

শ্বহীদ ভাস্কৰজ্যোতি ৰয়ৰ পৰিয়াললৈ অসম চৰকাৰৰ সাহায্য

0 2,076

বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত বাৰেগাঁৱৰ সু:সন্তান ভাস্কৰজ্যোতি ৰয়ে ২০০২ চনত আততায়ীৰ গুলীত নিহত হোৱাৰ পাছত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ বৰপেটা জিলা সমিতিয়ে তেওঁক জাতীয় শ্বহীদ হিচাপে ঘোষণা কৰে। তেখেতৰ মৃত্যুৰ পাছত অসম চৰকাৰে তেওঁৰ পৰিয়ালৰ সৈতে কোনোধৰণৰ যোগাযোগ কৰা নাছিল বা সহায় কৰা নাছিল। ১৯ বছৰ ৪ মাহ ১৯ দিন শ্বহীদ ভাস্কৰজ্যোতি ৰয়ৰ পত্নীয়ে বহুত কষ্টেৰে নিজৰ ঘৰখন চলাই নিয়াৰ লগতে একমাত্ৰ কন্যাক পঢ়াই-শুনাই শিক্ষিত কৰি তুলিছে। বৰ্তমানো যথেষ্ট আহুকালৰ মাজেৰে ঘৰ চলাই থকা পৰিয়ালটোক অলপ সকাহ দিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগত জাতীয় শ্বহীদ সকলৰ সম্পৰ্কত যোগাযোগ কৰে।

চলিত বৰ্ষৰ যোৱা ৭ জানুৱাৰীত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা আৰু কমতাপুৰ স্বায়ত্ত্ব শাসিত পৰিষদৰ যৌথ উদ্যোগত, ধুবুৰীৰ গোলকগঞ্জত অনুষ্ঠিত আক্ৰাছুৰ শ্বহীদ দিৱসত জাতীয় শ্বহীদ ভাস্কৰজ্যোতি ৰয়ৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে শ্বহীদ গৰাকীৰ সহধৰ্মিনী ঊষা ৰয়ৰ হাতত পাঁচ লাখ টকাৰ চেক প্ৰদান কৰে। সেইদিনা ভাস্কৰজ্যোতি ৰয়সহ সৰ্বমুঠ ২৫ গৰাকী কোচ ৰাজবংশী জাতীয় শ্বহীদৰ পৰিয়ালক পাঁচ লাখ টকাৰ চেক প্ৰদান কৰা হয়৷ এই পৱিত্ৰ শ্বহীদ দিৱসত উপস্থিত আছিল-অসম চৰকাৰৰ শিক্ষা আৰু ভৈয়াম জনজাতি,অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্রী  ডা° ৰণোজ পেগু, মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব  জয়ন্ত মল্ল বৰুৱা,কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী পাৰিষদ গোকুল বৰ্মনৰ লগতে আক্ৰাছুৰ সভাপতিদ্বয় ক্ষিতীশ বৰ্মন আৰু  বলোৰাম বৰ্মন আৰু সদৌ বৰপেটা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তথা কোচ ৰাজবংশী  উন্নয়ন পৰিষদৰ সদস্য জিতুমণি চৌধুৰী৷

এসময়ত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ বৰপেটা জিলাৰ সভাপতিৰ দৰে গুৰু দ্বায়িত্ব বহন কৰা, সৰভোগৰ ভাস্কৰজ্যোতি ৰয়ে ২০০২ চনৰ ১৬ আগষ্টত গুলীবিদ্ধ হৈছিল। সেইদিনা সন্ধিয়া আনুমানিক প্ৰায় ৮ বজাত সৰভোগৰ চকচকা বজাৰত এজন বন্ধুক ঔষধ দিবলৈ গৈছিল ভাস্কৰজ্যোতি ৰয়ে। সেই সময়ত আততায়ীয়ে ভাস্কৰজ্যোতি ৰয়ক গুলীয়াই থৈ যায়। পাছত একাংশ বন্ধুই গুলীবিদ্ধ হোৱা ভাস্কৰজ্যোতি ৰয়ক গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ লৈ যায় যদিও ১৮ আগষ্টত তেওঁ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

Leave A Reply