Breaking

অসম চৰকাৰৰ ঋণ ৬৭,০৫৪.০২ কোটি টকাঃ বিত্তমন্ত্রী

0 1,249

বিগত ২০২০ চনৰ ৩১ মার্চ পর্যন্ত অসম চৰকাৰৰ ঋণৰ পৰিমাণ হৈছে ৬৭,০৫৪.০২ কোটি টকা৷ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্রশ্ণৰ উত্তৰ দি মঙলবাৰে সদনত এই তথ্য সদৰী কৰে বিত্তমন্ত্রী অজন্তা নেওগে৷ তদুপৰি ২০১৯–২০ বিত্তীয় বর্ষৰ ৩১ মার্চত অসম চৰকাৰৰ ৰাজকোষত মুঠ জমা ধনৰ পৰিমাণ ৫,৯১২.২০ কোটি টকা বুলি তেওঁ জানিবলৈ দিয়ে৷

বিত্তমন্ত্রী নেওগে কয় যে অসম চৰকাৰৰ হিচাপ–পত্রবোৰ বিত্তীয় বর্ষ (১ এপ্রিলৰ পৰা ৩১ মার্চ) হিচাপে ৰখা হয়৷ যিহেতু ২০২০–২১ বিত্তীয় বর্ষৰ মহাগাণনিকৰ বছৰেকীয়া প্রতিবেদনৰ তথ্য এতিয়ালৈকে উপলব্ধ নহয়, সেয়েহে ২০২১ চনৰ ৩১ মার্চ পর্যন্ত অসম চৰকাৰৰ ৰাজকোষত জমা থকা ধন আৰু খৰচৰ সঠিক বিৱৰণ উপলব্ধ নহয়৷ কিন্তু ২০১৯–২০ বিত্তীয় বর্ষৰ ৩১ মার্চত মহাগাণনিকৰ তথ্য অনুসৰি অসম চৰকাৰৰ ৰাজকোষত থকা জমাধনৰ পৰিমাণ হ’ল ৫,৯১২.২০ কোটি টকা৷ সেইদৰে মহাগাণনিকৰ তথ্য অনুসৰি ২০২০ চনৰ ৩১ মার্চত অসম চৰকাৰৰ ধাৰৰ পৰিমাণ হ’ল ৬৭,০৫৪.০২ কোটি টকা৷

ইফালে, বিধায়ক আমিনুল ইছলামে ২০২০–২১ বিত্তীয় বর্ষত বিভাগসমূহৰ বাবে ধার্য কৰা ধন আৰু এতিয়ালৈকে মোকলাই দিয়া টকা সন্দর্ভত সোধা এক প্রশ্ণৰ উত্তৰত বিত্তমন্ত্রী নেওগে কয় যে ২০২০–২১ বিত্তীয় বর্ষৰ হিচাপ এইপর্যন্ত মহাগাণনিকৰ দ্বাৰা চূড়ান্ত কৰা হোৱা নাই৷ সেয়েহে মোকলাই দিয়া ধন আৰু খৰচৰ তথ্য দিব পৰা নগ’ল৷ বিধায়ক আমিনুল ইছলামে কৌশলপূর্ণভাৱে তথ্য গাপ দিয়াৰ চেষ্টা কৰা বুলি পৰিপূৰক প্রশ্ণত তোলা অভিযোগ সন্দর্ভত বিত্তমন্ত্রী নেওগে পুনৰ কয়– মই অসম্পূর্ণ তথ্য দিব বিচৰা নাই৷ যেতিয়ালৈকে মহাগাণনিকৰ প্রতিবেদন নাপাওঁ তেতিয়ালৈকে এই তথ্য অসম্পূর্ণ৷

Leave A Reply