Breaking

অসম উদ্যান সমিতিৰ প্ৰতিষ্ঠা দিৱস উদযাপন

0 1,550

অসম উদ্যান সমিতিৰ ২৮ তম প্ৰতিষ্ঠা দিৱসটি আজি খানাপাৰাস্হিত মূখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়৷ সমিতিৰ সভাপতি ডাঃ নজৰুল কাজীয়ে পুৱা 9.00 বজাত পতাকা উত্তোলন কৰে ৷ তেওঁৰ লগত সহযোগ কৰে উপ সভাপতি দীপক সৰকাৰে ৷ বন্তি প্ৰজ্বালনকে ধৰি প্ৰসাদ বিতৰণ অনুষ্ঠান সম্পন্ন হোৱাৰ অন্তত ১১.০০ বজাৰ পৰা এখনি মুকলি সভাও অনুষ্ঠিত হৈ যায় ৷ মুকলি সভাখনত মূখ্য আকৰ্ষক হিচাপে উপস্থিত থাকে কৃষি বিভাগৰ অৱসৰ প্ৰাপ্ত সঞ্চালক তথা অসম উদ্যান সমিতিৰ আজীৱন সদস্য মঞ্জুলা মোহন কলিতা ৷ লগতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অসম উদ্যান সমিতিৰ প্ৰাক্তন সভানেত্ৰী ৰুৱী দত্ত বৰা ৷ উপ সভাপতি দীপক সৰকাৰ, যুটীয়া সাধাৰণ সম্পাদক এনামুৰ ৰহমান বিলায়েত হুছেইন খন্দকাৰ৷

ৰিণী শইকীয়া , পুষ্পা ৰাজখোৱা ড০ নিজৰা জান্নাত সাংবাদিক তথা আজীৱন সদস্য বদৰুজ্জামান আখতাৰকে ধৰি অন্যান্য বহু কেইগৰাকী বিশিষ্ট ব্যক্তিসকল ৷ এই মুকলি সভাত বহু কেইগৰাকীমান বিশিষ্ট ব্যক্তিয়ে মূল্যবান দিহাপৰামৰ্শৰে অসম উদ্যান সমিতিৰ জৰিয়তে অসমৰ কৃষিজীৱী তথা উদ্যান প্ৰেমী ৰাইজক উৎসাহিত কৰাৰ বাবে কাম কৰি যাব বুলি আহ্বান জনায়৷ উল্লেখ্য যে ১৯৯৪ চনত প্ৰতিষ্ঠা হোৱা এই সমিতিখনে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত কৃষি উদ্যান শস্যৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰৰ কাম কৰি আহিছে৷ খানাপাৰাস্হিত ভেটেৰীনেৰী খেল পথাৰত কৃষি উদ্যান শস্যৰ মেলা অনুষ্ঠিত কৰি বিশ্বদৰবাৰত অসমৰ কৃষি জগতখনক পৰিচিত কৰাবলৈ সক্ষম হৈছে ৷ অনাগত দিনতো এই সমিতিখনে কৃষি বিভাগৰ সৈতে জড়িত হৈ কৃষকৰ আৰ্থ – সামাজিক উন্নয়নৰ বাবে কৃষি উদ্যান শস্য প্ৰদৰ্শনী পাতিব বুলি আজিৰ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত সিদ্ধান্ত গ্ৰহন কৰে ৷ সাধাৰণ সম্পাদক উপেন ভৰালীয়ে জনোৱামতে আগন্তুক ১১ চেপ্তেম্বৰ ২০২২ ত সাধাৰণ সভাখন অনুষ্ঠিত কৰা হ’ব।

Leave A Reply