Breaking

অসম নাগালেণ্ডৰ বিবাদমান ভূমিত অসাধু ব্যৱসায়ীৰ অবৈধ শিলৰ ৰমৰমীয়া বেহা…

0 14

অসম নাগালেণ্ডৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা ভূমি বিবাদৰ সুবিধা লৈছে কেইজনমান বিতৰ্কিত অসাধু ব্যৱসায়ীয়ে। যি বিবাদমান ভূমিত অসম প্ৰশাসনে BOP স্থাপন কৰিবলৈ সক্ষম নহল ; সেই ভূমিত কেইজনমান অসমৰ  অসাধু ব্যবসায়ীয়ে নগাক হাত কৰি লৈ চলাই গৈছে অধৈধ শিলৰ খনন কাৰ্য্য ।

বিগত সম়ৰচোৱাত অবৈধ শিল খননৰ ফলত নাগীনিমৰালৈ যোৱা একমাত্ৰ পথ জহি খহি দিখৌ নৈত যাহ যোৱা পৰিলক্ষিত হয়। অনেক বাতৰি পৰিবেশন কৰাৰ পিছতো কেৰপ নকৰে ৰীয়াজুদ্দিন চাহ নামৰ এজন অসাধু ব্যবসায়ীয়ে।

এতিয়া প্ৰশ্ন হয় ,কাৰ ছত্ৰছায়াত অথবা কাৰ সাহসত শিলৰ এই অবৈধ খনন চলি আছে? উল্লেখযোগ্য যে এই ক্ষেত্ৰত নিৰৱ ভূমিকা পালন কৰিছে অসম প্ৰশাসন তথা বন বিষয়া সংমণ্ডলে। অনাগত দিনত বিভাগীয় কৰ্তিপক্ষই কি পদক্ষেপ লয় সেইয়া হব লক্ষণীয়।

Leave A Reply