Breaking

পূৰ্বোত্তৰ বিকাশত আগৰণুৱা হৈছে অসম’-প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

0 2,027

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঢেকিয়াজুলিত এখন জনসভা সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত কেইবাটাও অভিলাসী প্ৰকল্পৰ শুভাৰম্ভণি কৰে। প্ৰধানমন্ত্ৰীৰ লগতে অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। লগতে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ বহু কেইগৰাকী মন্ত্ৰী বিধায়ক।প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰসংগত আজি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। অসমীয়া ভাষাতে উপস্থিত জনতাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘মই অসমৰ জনতাৰ চৰণত প্ৰণাম জনাইছো। মোৰ মনটো অসমীয়া গৌৰৱৰে ভৰি পৰিছে। পূৰ্বোত্তৰে বিকাশৰ বাবে বহুদিন বাট চাবলগীয়া হ’ল। দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত এতিয়া আগবাঢ়িছে পূৰ্বোত্তৰ। অসমৰ বিকাশৰ যাত্ৰাত আজি উল্লেখযোগ্য দিন।পূৰ্বোত্তৰ বিকাশত আগৰণুৱা হৈছে অসম। এই বিশেষ দিনটোত মই আন্তৰিক শুভেচ্ছা জনাইছো।প্ৰধানমন্ত্ৰী মোদীয়ে আজি অসম মালা আঁচনি মুকলি কৰি অসমবাসীক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে, যোৱা  ৫ বছৰত অসমত  নতুনকৈ ৬খন মেডিকেল কলেজ হ’ল। বিশ্বনাথ আৰু চৰাইদেউ মেডিকেল কলেজৰ শিলান্যাস হ’ল। ইয়াৰ ফলত ১৬০০ গৰাকী চিকিৎসক লাভ কৰিব অসমবাসীয়ে।

Leave A Reply