Breaking

অসম বিধান সভাৰ অধ্যক্ষ- উপাধ্যক্ষ আৰু ৰাজবংশী জনগোষ্ঠীৰ মত বিনিময়

0 3,581

অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু উপাধ্যক্ষ ডাঃ নোমল মমিন আজি বিয়লিৰ ভাগত বঙাইগাঁও জিলাত উপস্থিত হৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তি, সাহিত্যিক,শিক্ষাবিদ, বিভিন্ন সংগঠন , কে এ চিৰ পদবী লাভ কৰা ব্যক্তি আদিৰ সৈতে এক মত বিনিময় অনুষ্ঠানত মিলিত হয় ৷ বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত মন বিনিময় অনুষ্ঠানত জনগোষ্ঠীটোৰ ভাষা, কলা- সংস্কৃতি, ৰীতি- নীতি আদিৰ স্বীকৃতি, প্ৰসাৰ, সংৰক্ষণ, বিভিন্ন অভাৱ – অভিযোগ আদি বিষয়সমূহ বিভিন্নজনে দাঙি ধৰাৰ লগতে বিভিন্ন পৰামৰ্শ আগবঢ়ায় ৷ আনহাতে বিভিন্নজনে আগবঢ়োৱা পৰামৰ্শসমূহ অধ্যক্ষগৰাকীয়ে গ্ৰহণ কৰি চৰকাৰক দাখিল কৰা প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰিব বুলিও কয় ৷ ইপিনে এই মত বিনিময় অনুষ্ঠান সন্দৰ্ভত বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে আজি বঙাইগাঁও জিলা ভ্ৰমণ কৰাৰ লগতে কোচ ৰাজবংশী সমাজৰ লগত এক মত বিনিময় অনুষ্ঠান ৰাখিছো ৷ এই অনুষ্ঠানত কোচ ৰাজবংশী জনগোষ্ঠীৰ বৰ্তমান অৱস্থা , তেওঁলোকৰ ভাষা ,কলা- কৃষ্টি, সংস্কৃতি , ধৰ্ম, ৰীতি- নীতি সামাজিক ৰীতি- নীতি আদিৰ বিষয়ে মত বিনিময় কৰা হয় ৷ অধ্যক্ষগৰাকীয়ে লগতে কয় যে অসম চৰকাৰে খিলঞ্জীয়া জাতি- জনগোষ্ঠীৰ বাবে খিলঞ্জীয়াৰ বিশ্বাস আৰু সংস্কৃতি ( INDIGENOUS FAITH AND CULTURE DEPARTMENT) নামৰ বিভাগ এটা খুলিছে ৷

অসম চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মোক আৰু উপাধ্যক্ষক দায়িত্ব এটা দিছে যে অসমৰ প্ৰতিটো জাতি- জনগোষ্ঠীৰ লগত বহি মত বিনিময় কৰি তেওঁলোকৰ ধৰ্ম , বিশ্বাস, ভাষা, কলা – সংস্কৃতি আদিকে ধৰি জাতি এটাৰ সকলো বিয়ষসমূহ ভৱিষ্যতলৈ কি দৰে প্ৰচলিত হৈ থাকিব পাৰে, কিদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি আৰু সংৰক্ষণ কৰিব পাৰি তথা উন্নীত কৰিবলৈ যদি চৰকাৰৰ তৰফৰ পৰা কিবা কৰণীয় আছে তেতিয়াহলে সেই দিশ বিলাক তেওঁলোকৰ লগত আলোচনা কৰি মতামত গ্ৰহণ কৰি চৰকাৰক পৰামৰ্শসহ প্ৰতিবেদন দিব লাগে ৷ সেই অনুসৰি চৰকাৰে অসমৰ খিলঞ্জীয়া জাতি – জনজাতিসমূহৰ জাতীয় পৰিচয়কে ধৰি তেওঁলোকৰ ভাষা ,কলা- সংস্কৃতি আদি দিশবিলাকৰ ক্ষেত্ৰত উপযোগী হোৱাকৈ কাম কৰিবলৈ ব্যৱস্থা ল’ব ৷ যিহেতু বঙাইগাঁওলৈ আহিছো সেই কাৰণে কোচ ৰাজবংশী জনগোষ্ঠীৰ কলা- সংস্কৃতি, ভাষা ,ধৰ্ম, সামাজিক ৰীতি- নীতি আদিৰ বিষয়ে জানিবৰ কাৰণে মত বিনিময় কৰিিছো যাতে কিবা এটা আভাস পাও আৰু যাৰ দ্বাৰা আমি চৰকাৰক পৰামৰ্শ দিব পাৰো ৷ আনহাতে কে এ চি সন্দৰ্ভত কয় যে চৰকাৰে কে এ চি গঠন কৰি দিছে আৰু ইয়াত এখন অন্তৰ্ৱৰ্তীকালীন পাৰিষদ গঠন কৰি দিছে গোকুল বৰ্মনক মুখ্য পাৰিষদ হিচাপে লৈ ৷ এইটো চলি যাব ৷ মত বিনিময় অনুুুুষ্ঠানত জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আদি উপস্থিত থাকে ৷ 

Leave A Reply