Breaking

অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ বান এলেকা পৰিদৰ্শন

0 1,104

সমগ্ৰ  ৰাজ্য খনত বাৰিষা আগমনত লগে-লগে  কেইবাদিনো নেৰা-নেপেৰা বষুণৰ ফলত বাঢ়নী পানীয়ে ৰাজ্য বাসিক জুৰুলা কৰাৰ সময়তে ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলটো বৰষুণৰ বাঢ়নী পানীযে বুৰাই পেলোৱাৰ লগতে  বহু বিঘা খেতি পথাৰ নষ্ট কৰি পেলাইছে। সেযে অসম বিধানসভাৰ অধ‍্যক্ষ তথা পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিত দৈমাৰীয়ে ১৭ মে তাৰিখে সমষ্টিৰ বিভিন্ন বানপানীয়ে বুৰ পেলোৱা অঞ্চলসমূহ পৰিদৰ্শন কৰে।সমান্তৰালভাৱে টংলা থানাৰ অন্তৰ্গত খাটোৱালপাৰা অঞ্চলৰ জৰাজীৰ্ণ ৰাস্তা-ঘাটৰ লগতে অঞ্চলটোৰ কাষতেই থকা কুলশী নদীৰ বাঢ়নী পানীয়ে সম্পূৰ্ণভাৱে ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট আদি বুৰাই পেলাইছে।

বিশ্বজিত দৈমাৰীয়ে এই আটাইবোৰ পৰিৱেশন কৰি সকলো কালভাৰ্টকে আদি কৰি পয়ালগা অৱস্থাত থকা জৰাজীৰ্ণ ৰাস্তাটোৰ মেৰামতিৰ কামসমূহৰ বাবে জিলা উপায়ুক্তক জনোৱা হ’ব বুলি মন্তব্য কৰে। আনহাতে অধ‍্যক্ষ তথা বিধায়ক গৰাকীয়ে নিজে উপস্থিত হৈ অঞ্চলটোৰ পৰ্যবেক্ষণ কৰা দেখি অঞ্চলৰ লোক সকলে অতি সোনকালে ৰাস্তা-পদূলিকে ধৰি কাৰ্লভাৰ্টসমূহৰ মেৰামতি হ’ব বুলি আশা কৰিছে।

Leave A Reply